গুৱাহাটী মহানগৰীৰ অগ্রণী আইনী শিক্ষা প্রতিষ্ঠান জ্ঞানদাভিৰাম বৰুৱা আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মালৱিকা তালুকদাৰ, অধ্যাপক ৰঞ্জনজ্যোতি দাস আৰু প্রদীপ বেজবৰুৱা নামৰ এজন গাণনিকক তৎকালীনভাবে কার্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। আইনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানখনত পৰহি অনুষ্ঠিত পৰিচালনা কমিটীৰ বৈঠকে তিনিওজনকে নিলম্বন কৰে বুলি মহাবিদ্যালয়খনৰ এটা সূত্রই আজি সদৰী কৰিছে।
জেবি আইন মহাবিদ্যালয়ত সংঘটিত বৃহৎ বিত্তীয় খেলিমেলিৰ অভিযোগত এই তিনিওগৰাকীৰ নাম সাঙোৰ খাই পৰাত পৰিচালনা কমিটীয়ে পৰহি এই সিদ্ধান্ত গ্রহণ কৰে বুলি জানিব পৰা গৈছে। শিক্ষানুষ্ঠানখনৰ বিত্তীয় হিচাব পৰীক্ষা আৰু পৰৱৰ্তী সময়ত পাঁচজনীয়া কমিটীয়ে কৰা স্ক্রীনিঙৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত গ্রহণ কৰা বুলি জানিব পৰা গৈছে।
ইফালে বিত্তীয় কেলেংকাৰীৰ গোটেই বিষয়টো তদন্ত কৰিবলৈ শীঘ্রে এখন উচ্চপর্যায়ৰ কমিটী গঠন কৰাৰ কথাও পৰহিৰ বৈঠকে সিদ্ধান্ত গ্রহণ কৰে। তদন্ত সমিতিখনত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়াসহ বিত্ত বিভাগৰ জ্যেষ্ঠ তথা অভিজ্ঞ লোকক সন্নিবিষ্ট কৰাৰ কথা উল্লেখ কৰা হৈছে।
উল্লেখ্য যে, বিত্তীয় কেলেংকাৰীৰ বাবেই এই শিক্ষানুষ্ঠানখনৰ ইয়াৰ পূৰ্বৰ অধ্যক্ষ জে এন শৰ্মাই কলেজ এৰি যাবলৈ বাধ্য হৈছিল। একেখন শিক্ষানুষ্ঠানতে পুনৰ বিত্তীয় কেলেংকাৰীৰ অভিযোগত্ অধ্যক্ষসহ তিনিজনক নিলম্বন কৰিবলগা হোৱা ঘটনাত শিক্ষানুষ্ঠানৰ এটা মহলে গভীৰ উদ্বিগ্নতা প্রকাশ কৰিছে। বিত্তীয় আৰু শৈক্ষিক কেলেংকাৰী সংঘটিত কৰি কোনো যাতে সাৰি যাব নোৱাৰে, সেইটো কর্তৃপক্ষই নিশ্চিত কৰা প্রয়োজন বুলি শিক্ষানুষ্ঠানখনৰ একাংশ শুভাকাংক্ষীয়ে তথা বৰ্তমান একাংশ শিক্ষাৰ্থীয়ে মন্তব্য কৰিছে।