• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটীৰ ভয়াৱহ বায়ু প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনৰ সংকট: ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’ৰ উদ্যোগত বিশেষ বক্তৃতানুষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 9:14 pm
69
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহানগৰীৰ বায়ু প্ৰদূষণ বৰ্তমান এক ভয়ংকৰ স্তৰত উপনীত হৈছে। এই গুৰুতৰ সমস্যাৰ প্ৰতি চৰকাৰ আৰু একাংশ নাগৰিকৰ মাজত চলি থকা উদাসীনতা ভংগ কৰাৰ লক্ষ্যৰে আজি কটন বিশ্ববিদ্যালয়ৰ এলামনাই হলত ‘ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসম’-এ এক বিশেষ সজাগতামূলক বক্তৃতানুষ্ঠানৰ আয়োজন কৰে। অধ্যাপিকা মনোৰমা শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই কাৰ্যসূচীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডাঃ নিৰ্বাণ বৈশ্যই কয় যে গুৱাহাটীৰ বায়ুৰ মান ৯০ শতাংশ সময়তে উদ্বেগজনক হৈ থাকে। যান-বাহন আৰু নিৰ্মাণ কাৰ্যৰ পৰা নিৰ্গত সূক্ষ্ম ধূলিকণাই (PM) কেৱল হাঁওফাঁওৰ ক্ষতি নকৰে, বৰঞ্চ তেজৰ জৰিয়তে ই মগজু আৰু হৃদযন্ত্ৰলৈকো বিয়পি পৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰতিকাৰ হিচাপে তেওঁ ব্যক্তিগত পৰ্যায়ত N95 মাস্কৰ ব্যৱহাৰ আৰু খাদ্যাভ্যাসত এন্টিঅক্সিডেন্ট তথা অমেগা-৩ অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে।

দ্বিতীয়গৰাকী সমল ব্যক্তি, বি. বৰুৱা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিজয় শংকৰ গোস্বামীয়ে গুৱাহাটীৰ বায়ুৰ মান কেতিয়াবা দিল্লীতকৈও ভয়াবহ হৈ পৰে বুলি উদ্বেগ প্ৰকাশ কৰে। যোৱা পাঁচ বছৰত যান-বাহনৰ সংখ্যা ৪০ হেজাৰৰ পৰা ১ লাখ ২০ হেজাৰলৈ তিনিগুণ বৃদ্ধি পোৱা, নিৰ্মাণ কাৰ্যৰ ধূলি আৰু হোটেলত ব্যৱহৃত কয়লাৰ ধোঁৱাই পৰিস্থিতি অধিক জটিল কৰিছে। গুৱাহাটীক ইতিমধ্যে ‘নন-এটেইনমেণ্ট চিটি’ হিচাপে ঘোষণা কৰা হৈছে আৰু ২০২৬ চনৰ ভিতৰত ধূলি নিৰ্গমন ৪০ শতাংশ হ্ৰাস কৰাৰ চৰকাৰী লক্ষ্যত উপনীত হ’বলৈ গ্ৰীণ নেটৰ ব্যৱহাৰ তথা ব্যাপক বৃক্ষৰোপণ অপৰিহাৰ্য বুলি তেওঁ মত পোষণ কৰে।

Apply Now

আনগৰাকী সমল ব্যক্তি, কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ৰাহুল মহন্তই কয় যে জলবায়ু পৰিৱৰ্তন আৰু বায়ু প্ৰদূষণ একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। তেওঁ সতৰ্ক কৰি দিয়ে যে ক’লা কাৰ্বন জমা হোৱাৰ ফলত হিমালয়ৰ বৰফ গলি ব্ৰহ্মপুত্ৰৰ বানপানীয়ে ধ্বংসাত্মক ৰূপ লৈছে। ইয়াৰ লগতে গুৱাহাটীৰ ভৌগোলিক অৱস্থানৰ বাবে ‘টেম্পাৰেচাৰ ইনভাৰ্চন’ৰ (Temperature Inversion) ফলত প্ৰদূষকসমূহ ওলাই যাব নোৱাৰি চহৰখন প্ৰদূষণৰ ফান্দলৈ পৰ্যবসিত হৈছে।

“আমি উন্নয়ন আৰু পৰিৱেশৰ মাজত এটা ভুৱা পছন্দ (False Choice) কৰিব নালাগে; বৰঞ্চ পৰিৱেশক অগ্ৰাধিকাৰ দিহে উন্নয়নৰ পৰিকল্পনা কৰিব লাগে,” বুলি তেওঁ আহ্বান জনায়। বক্তৃতাৰ অন্তত অনুষ্ঠিত প্ৰশ্ন-উত্তৰ শিতানৰ পিছত অধিবক্তা কিশোৰ কলিতাই শলাগৰ শৰাই আগবঢ়ায় আৰু ধৰিত্ৰী সুৰক্ষা মঞ্চৰ মুখ্য আহ্বায়ক মহেশ ডেকাকে ধৰি অন্যান্য বিষয়ববীয়াসকলে ভৱিষ্যতেও প্ৰকৃতি সুৰক্ষাৰ এই সংগ্ৰাম চলাই যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

গ্ৰাহাম ষ্টেইনছ হত্যাকাণ্ড! জে’লৰ পৰা মুকলি নাপায় মূল অপৰাধী দৰা সিঙে; মুক্তি পালে সাম্প্ৰদায়িক সংঘৰ্ষৰ আশংকা

September 16, 2026 11:33 am
চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

চৰকাৰী নিৰপেক্ষতা নে মত প্ৰকাশৰ অধিকাৰ খৰ্ব? আইপিএছ বুশৰা বানোৰ বদলিয়ে সৃষ্টি কৰিছে দেশজুৰি প্ৰতিক্ৰিয়া

September 16, 2026 10:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd