NORTHEAST NOW (Assamese)

এসপ্তাহ ধৰি সন্ধানহীন বি বৰুৱা কলেজৰ অধ্যাপক ড০ ৰুবুল হাজৰিকা

September 18, 2018 10:05 pm · অনিৰ্বাণ পাঠক
ড০ ৰুবুল হাজৰিকা

মহানগৰীৰ বি বৰুৱা কলেজৰ এগৰাকী অধ্যাপক সন্ধানহীন হোৱা বাতৰিয়ে মহাবিদ্যালয়খনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে যোৱা ১২ ছেপ্তেম্বৰৰ পৰাই সন্ধানহীন হৈ আছে মহাবিদ্যালয়খনৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰুবুল হাজৰিকা।

চিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লোহিত চন্দ্ৰ ৰাভাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়া মতে অধ্যাপক ড০ হাজৰিকাই ১১ চেপ্তেম্বৰত গুৱাহাটীৰ পৰা দৰং জিলাৰ চিপাঝাৰ অঞ্চলৰ হাজৰিকাপাৰাত থকা তেওঁৰ নিজা ঘৰলৈ গৈছিল। ১২ চেপ্তেম্বৰত ঘৰৰ পৰা তেওঁৰ গাড়ীখনত তেল ভৰাবলৈ ওলাই অহাৰ পাছৰে পৰা নিৰূদৃষ্ট হৈ আছে বুলি ৰাভাই আমাক জনায়।

ঘটনা সন্দৰ্ভত হাজৰিকাৰ পৰিয়ালে চিপাঝাৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত বৰ্তমান আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।

ইপিনে, আৰক্ষীয়ে গুৱাহাটীৰ তেতেলীয়াত ৰুবুল হাজৰিকাৰ মোবাইল ফোনৰ শেহতীয়া অৱস্থিতিৰ কথা জানিব পৰা বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

এই ঘটনা সন্দৰ্ভত বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ সত্যন্দ্ৰ নাথ বৰ্মণে কয়, ‘তেওঁ যোৱা ১১ চেপ্তেম্বৰৰ পৰাই মহাবিদ্যালয়ত উপস্থিত নাই। তেওঁ চুটীৰ বাবে কোনো আবেদনো কৰা নাই। পাছত তেওঁ সন্ধানহীন হৈ থকা খবৰতো পালো।’

মহাবিদ্যালয়খনৰ এটা প্ৰতিনিধি দলে আজি ড০ ৰুবুল হাজৰিকাৰ বাসগৃহলৈও যায় বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

Related News