• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৰুজয়ন্তীৰ কাৰ্যসূচীক ৰাজনৈতিক সভালৈ পৰিণত কৰি তীব্ৰ সমালোচিত বটদ্ৰৱা থান পৰিচালনা সমিতি

মহাপুৰুষীয়া আধ্যাত্মিকতাৰ পৰিৱৰ্তে দিয়া হৈছে দুৰ্গা পূজাৰ পৰিৱেশ

মিণ্টু দাস by মিণ্টু দাস
September 18, 2018 10:02 pm
Batadrava Than_Main
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অসমীয়া জাতীয় জীৱনৰ মহান ব্যক্তিত্ব শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ প্ৰাকক্ষণত বিতৰ্কৰ সূত্ৰপাত ঘটিছে বৈষ্ণৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত। শ্ৰীশ্ৰী বটদ্ৰৱা থানত আজিৰ পৰাই আৰম্ভ হোৱা গুৰুজনাৰ ৫৭০ সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ কাৰ্য্যসূচীক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই বিতৰ্ক।

থান পৰিচালনা সমিতিৰ বিৰুদ্ধে স্থানীয় ভালে সংখ্যক লোকে এই ধৰ্মীয় আৰু সংস্কৃতি বিষয়ক অনুষ্ঠানটোক ৰাজনৈতিক প্ৰচাৰৰ মঞ্চলৈ পৰিৱৰ্তন কৰাৰ অভিযোগ আনিছে। অভিযোগ মতে, ধৰ্মালোচনী সভালৈ গৱেষক, পণ্ডিতৰ বিপৰীতে ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ককহে মাতিছে পৰিচালনা সমিতিয়ে। আনহাতে বঙালী সংস্কৃতি আমদানি কৰি সত্ৰীয়া পৰিৱেশ বিনষ্ট কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে।

Apply Now

উল্লেখযোগ্য যে বিগত প্ৰায় তিনিটা বছৰত পৰিচালনা সমিতিৰ একাংশ বিষয়ববীয়াৰ পৃষ্ঠপোষকতাত এটি বিশেষ ৰাজনৈতিক দলৰ কুচকাৱাজৰ থলীত পৰিণত হৈছে ঐতিহ্যমণ্ডিত বটদ্ৰবা থানখন৷

তাৎপৰ্য্যপূৰ্ণভাৱে এবছৰ পূৰ্বে বটদ্ৰৱা থানৰ নামঘৰৰ ভিতৰতে আৰ এছ এছৰ প্ৰশিক্ষণ শিবিৰো আয়োজন কৰা হৈছিল। মহাপুৰুষজনাৰ আদৰ্শৰ পৰিপন্থী, ধৰ্মীয় উগ্ৰতা আৰু অসিহষ্ণুতাৰ দ্বাৰা পৰিচালিত এটা ধৰ্ম ভিত্তিক সংগঠনক থানখনত ঠাই দিয়া বাবে তেতিয়াও স্থানীয় লোকৰ মাজত অসন্তুষ্টিয়ে দেখা দিছিল।

স্থানীয় লোকে জানিবলৈ দিয়ামতে, তিনিদিনীয়া কাৰ্যসূচীৰে  আয়োজিত গুৰুজয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি ২০ ছেপ্টেম্বৰত আয়োজিত ধৰ্মালোচনী সভালৈ মহাপুৰুষজনা আৰু তেওঁৰ কৰ্মৰাজিক লৈ গৱেষণা কৰা গৱেষক, পণ্ডিতৰ পৰিৱৰ্তে শাসকীয় দলৰ মন্ত্ৰী, দলৰ সভাপতি, বিধায়ক তথা টিভি চেনেলৰ স্বত্বধিকাৰীকহে নিমন্ত্ৰণ কৰা হৈছে। আনকি শাসকীয় দলৰ মন্ত্ৰী, বিধায়কৰ বাহিৰে স্থানীয় সাংসদ তথা অন্যান্য বিৰোধী দলৰ কোনো ব্যক্তিকো আমন্ত্ৰণ জনোৱা হোৱা নাই গুৰুজয়ন্তীৰ কাৰ্যসূচীলৈ৷

এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে সমিতিখনৰ এজন শক্তিশালী বিষয়াই৷ এই বিষয়ত সমিতিৰ ভিতৰ চ’ৰাতেই মতানৈক্যৰ সৃষ্টি হোৱা বুলিও জানিবলৈ দিয়ে একাংশ সদস্যই৷

ইপিনে এইবাৰ গুৰুজয়ন্তীত ৰাইজে থানখনৰ বাবে দান কৰা ধনেৰে বঙালী সংস্কৃতি আমদানি কৰি থানখনৰ চৌহদত বিভিন্ন  ‘আলোক ব’ৰ্ড’ লগাই এক অশুভনীয় পৰিৱেশ সৃষ্টি কৰিছে পৰিচালনা সমিতিয়ে৷ স্থানীয় ৰাইজে তীব্ৰ আপত্তি দৰ্শাই কয় যে এনে বঙালী সংস্কৃতিয়ে ঐতিহ্যমণ্ডিত থানখনলৈ সম্পূৰ্ণ দুৰ্গা পূজাৰ পৰিৱেশহে আনি দিছে।

উল্লেখ্য যে, এইবাৰো ১৮, ১৯ আৰু ২০ ছেপ্টেম্বৰত বিগত বৰ্ষসমূহৰ দৰেই  তিনিদিনীয়া বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে৷

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm
নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

নৈ নহয়, এয়া এতিয়া আৱৰ্জনাময় নলা! বেদখল আৰু পলসৰ গ্ৰাসত গুৱাহাটীৰ ভৰলু-বাহিনী

September 12, 2026 5:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd