চেন্নাইৰ প্ৰায় ওচৰত পোৱাৰ পিছতো অৱতৰণ কৰিব পৰা নগ’ল। গুৱাহাটীৰ পৰা চেন্নাই অভিমুখী ইণ্ডিগোৰ এখন বিমান ইন্ধন নথকাৰ বাবে বেংগালুৰুলৈ ঘুৰাই নিবলগীয়া হয়। বুধবাৰে সন্ধিয়া ৬ই৬৭৬৪ নম্বৰ ইণ্ডিগো বিমানত সংঘটিত হয় এই ঘটনা।
সন্ধিয়া ৭:৪৫ বজাত চেন্নাইত উপস্থিত হোৱাৰ কথা আছিল বিমানখন। কিন্তু আকাশমাৰ্গত প্ৰৱেশ কৰাৰ পিছত বুজা গ’ল যে ইন্ধনৰ নাটনিৰ বাবে নিৰ্দিষ্ট গন্তব্যস্থানত অৱতৰণ কৰাটো নিৰাপদ নহয়।
সেই সময়ত জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰি বিমানখন বেংগালুৰুৰ কেম্পেগৌডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ লৈ যোৱা হয়। অৱশেষত বিমানখন নিৰাপদে তাতেই অৱতৰণ কৰা হয়। এই ঘটনা সন্দৰ্ভত এতিয়াও আনুষ্ঠানিকভাৱে কোনো ঘোষণা কৰা নাই ইণ্ডিগোৱে।
ইপিনে, বৃহস্পতিবাৰে পুৱা আন এখন ইণ্ডিগো বিমানত যাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। দিল্লী-লেহ ৬ই২০০৬ বিমানখন মাজ আকাশৰ পৰাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ উভতি আহিছিল। কাৰিকৰী সমস্যা আৰু লেহত নিৰাপদ অৱতৰণৰ বাবে অনুকূল পৰিস্থিতি নথকাৰ বাবে বিমানখন ঘুৰাই অনা হয়।
আনহাতে, আন এখন ইণ্ডিগো বিমানো বুধবাৰে সামান্য বিজুতিৰ সন্মুখীন হয়। দিল্লী-ৰাইপুৰ অভিমুখী ৬ই ৬৩১৩ বিমানখন অৱতৰণৰ পিছত সৰু কাৰিকৰী সমস্যাৰ বাবে দুৱাৰ খোলাত পলম হয়।
বাৰে বাৰে যান্ত্ৰিক বিসংগতি আৰু ইন্ধন সম্পৰ্কীয় ঘটনাৰ পিছত যোৱা কিছু সময়ত ইণ্ডিগ’ৰ সুৰক্ষা ব্যৱস্থাক লৈ যাত্ৰীসকলে প্ৰশ্ন উত্থাপন কৰি আহিছে। অৱশ্যে প্ৰতিটো ঘটনাতে বিমান নিৰাপদে অৱতৰণ কৰিছে বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জনাইছে।