• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ হটস্পটত গুৱাহাটী মহানগৰ! বহু অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণাৰ লগতে বান্ধি দিয়া হ’ল নতুন নিৰ্দেশনা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 5, 2021 6:55 pm
kamrup-containment-zones-1591871619
445
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ জিলাত কোভিডৰ সংক্ৰমণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। যোৱা ২৮ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ৯০২১ গৰাকী লোক কামৰূপ মহানগৰ জিলাত ক’ৰ’নাত আক্ৰান্ত হৈছিল বুলি এক সংবাদমেলত ঘোষণা কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তই।

তেওঁ জনোৱা অনুসৰি কামৰূপ মহানগৰ জিলাৰ ৬ টা জ’নৰ পঞ্চম জ’নত আটাইতকৈ বেছি ক’ৰ’ণাৰ সংক্ৰমণ হৈছে। যোৱা এসপ্তাহত ২১৯০ গৰাকী লোক এই জ’নত কোভিডত আক্ৰান্ত হৈছে।

জ’ন ১ ত আছে ১২৫০ গৰাকী কোভিড আক্ৰান্ত। জ’ন ৩টো ১০০৫ টা কোভিড কেচ আছে।

৪০০ তকৈ অধিক কোভিড ৰোগী চিনাক্ত হোৱা ৱাৰ্ডত কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে।

তলত উল্লেখ কৰা অঞ্চল সমূহত আজিৰে পৰা কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে বুলি তেওঁ জনায়। তলত সেইখিনি অ-সম্পাদিতৰূপত দাঙি ধৰা হ’ল :

  • জ’ন ৫ ৰ ২৮ নম্বৰ ৱাৰ্ডত অধিক সংক্ৰমণ হৈছে। বেলতলা, বশিষ্ট, মৈদাম, বৰ মতৰীয়া আৰু হাতীগাওঁৰ কিছু অংশত সৰ্বাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।
  • জ’ন ৬ ৰ ১৬ নম্বৰ ৱাৰ্ডত ৫০৯ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। ২৮ নম্বৰ ৱাৰ্ডত ৭৪৩ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।
  • ১৬ নম্বৰ ৱাৰ্ডত ফটাশিল, ভাস্কৰনগৰ, বৰ্ষাপাৰা আৰু ধীৰেণপাৰা অঞ্চল কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে।
  • জ’ন ১ৰ ৭ নম্বৰত ৱাৰ্ডত ৪১৫ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। সেয়েহে এই ৱাৰ্ডতো কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। ভূতনাথ, কুমাৰপাৰা, এ.টি. ৰোড, আঠগাওঁ অঞ্চল এই ৭ নং ৱাৰ্ডৰ অন্তৰ্গত।
  • ২৮ নং ৱাৰ্ডৰ বৰসজাই, বশিষ্ট, মৈদান, বৰমতৰীয়া, হাতীগাওঁ অঞ্চলৰ উত্তৰ অংশ অৰ্থাৎ অজন্তা পথৰ পৰা হাতীগাওঁ চাৰিআলি হৈ বশিষ্ট পথ-জংচন ৰোডত কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব। পশ্চিম অংশত বশিষ্ঠ ৰোডৰ পৰা চন্দননগৰ পথলৈকে কন্টেইমেন্ট জ’ন। পূৱ অংশত ৰুক্মিণী বাহিনী নদীৰ পৰা NH37 ব্ৰীজলৈকে কন্টেইমেন্ট জ’ন ঘোষণা।
  • ৬ নং ৱাৰ্ডৰ উত্তৰ অংশত এ.কে ডেব ৰোডৰ পৰা ফটাশিল আমবাৰী চাৰিআলিলৈকে আৰু মৰা ভৰলুৰ পৰা লখৰা ৰোডলৈকে কন্টেইনমেন্ট জ’ন ঘোষণা কৰা হ’ব।দক্ষিণে নেতাজী পথৰ পৰা ফটাশিল ব্ৰীজলৈকে আৰু ভৰলুৰ পৰা জি.এছ কলনী ৰোডলৈকে কন্টেইনমেন্ট জ’ন। পশ্চিম অংশত ভৰলু নদীৰ পৰা সোণাৰাম খেলপথাৰলৈকে কন্টেইনমেন্ট জ’ন।

ইপিনে, এই কন্টেইনমেন্ট জ’নৰ বাবে কেতবোৰ নতুন নিৰ্দেশনাৰ কথা উল্লেখ কৰে জিলা উপায়ুক্তগৰাকীয়ে। তলত সেই নিয়ম উল্লেখ কৰা হ’ল :

  • এই কন্টেইনমেন্ট জ’নত কোনোধৰণৰ অহা-যোৱা কৰিব নোৱাৰিব। ৰাইজৰ সুবিধাৰ বাবে কিছুমান ৰেহাই থাকিব। জৰুৰীকালীন সেৱা চলি থাকিব, ফাৰ্মাচী, পশুখাদ্য-ঔষধৰ বিপনী খোলা থাকিব।
  • চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয়, ব্যৱসায়ী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠান বন্ধ থাকিব। কোভিড প্ৰ’টকল ৰক্ষা কৰি বেংক আৰু এটিএম সেৱা খোলা থাকিব।
  • গেলামালৰ দোকান, গাখীৰ আৰু ফল-মূলৰ বিপনী পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১২ বজালৈকে খুলিব পাৰিব। গ্ৰাহক আৰু বিক্ৰেতাই মানি চলিব লাগিব সামাজিক দুৰত্ব। বিক্ৰেতাই হেণ্ড গ্ল’বছ ব্যৱহাৰ কৰিব লাগিব। এটা সময়ত দোকানৰ বাহিৰে-ভিতৰে ৫ জনতকৈ অধিক লোক গোট খোৱাৰ অনুমতি নাই।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd