সেউজ অসমৰ এই অৱস্থা! বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰলৈ পৰ্যবসিত হ’ল গুৱাহাটী 

বিশ্বৰ দ্বিতীয় প্ৰদূষিত চহৰলৈ পৰ্যবসিত হ’ল গুৱাহাটী । আইকিউএয়াৰৰ ২০২৩ চনৰ বিশ্ব বায়ুৰ গুণাগুণ প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ানক তথ্য।

বৃহৎ বৃহৎ নিৰ্মাণ, বিশেষকৈ ফ্লাই অভাৰ আৰু বিশাল অট্টালিকা নিৰ্মাণৰ লগতে অবাধ হাৰত গছ কটাটোৱেই এই প্ৰদূষণৰ কাৰণ বুলি গণ্য কৰিছে পৰিৱেশ বিশেষজ্ঞ সকলে।

গুৱাহাটীত বাৰ্ষিক প্ৰদূষক সূচাংকৰ ঘনত্ব গড় হিচাপত ১০৫.৪ ত নথিভুক্ত কৰা হৈছে, যিটোৱে বিশ্ব স্বাস্থ্য সংস্থাৰ বিপদ সূচাংকতকৈ দহগুণতকৈও অধিক অতিক্ৰম কৰিছে।

ইফালে, বিহাৰৰ বেগুছৰাইয়ে বিশ্বৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে শীৰ্ষস্থান দখল কৰাৰ লগতে গুৱাহাটী, দিল্লী, মূল্লানপুৰ, আৰু লাহোৰ শীৰ্ষ পাঁচখন প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে।

আতংকজনকভাৱে বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰসমূহৰ অধিকাংশই ভাৰতৰ। ভাৰতৰ ৪২খন চহৰে শীৰ্ষ ৫০ খনৰ ভিতৰত স্থান লাভ কৰিছে।

প্ৰতিবেদনখন প্ৰকাশ হোৱাৰ পিছতেই বায়ু প্ৰদূষণৰ ভয়াৱহ স্বাস্থ্যজনিত সমস্যা সম্পৰ্কে ভাবি স্তম্ভিত হৈ পৰিছে দেশবাসী।

ইফালে বিশ্বজুৰি প্ৰতি ৯ জনৰ ভিতৰত এজনৰ মৃত্যুৰ বাবে বায়ু প্ৰদূষণৰ বাবে হোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে এনে মাত্ৰাৰ বায়ু প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে বিভিন্ন স্বাস্থ্যজনিত অৱস্থা যেনে হাঁপানী, কেন্সাৰ, ষ্ট্ৰোক আৰু হাওঁফাওঁৰ দৰে ৰোগৰ সম্ভাৱনা কেইবাগুণলৈ বৃদ্ধি পায়। 

তদুপৰি এনে বায়ু প্ৰদূষণে শিশুৰ মানসিক বিকাশত ব্যাঘাত জন্মাব পাৰে, মানসিক স্বাস্থ্যজনিত সমস্যাত অৰিহণা যোগাব পাৰে।