NORTHEAST NOW (Assamese)

গুৱাহাটীৰ লকডাউনত দুটা দিনত কিনিব পাৰিব গেলামাল, শাক-পাচলি

July 4, 2020 5:15 pm · কল্পজ্যোতি শইকীয়া
Updated: July 4, 2020 5:56 pm

গুৱাহাটীত চলিত লকডাউনৰ মাজত গেলামালৰ দোকানসমূহ সোমবাৰে অৰ্থাৎ ৬ জুলাই আৰু ৮ জুলাইৰ দিনা পুৱা ১১ বজাৰ পৰা ৪ বজালৈকে খুলিব পাৰিব।

গ্ৰাহক, দোকানৰ স্বত্বাধিকাৰী আৰু কৰ্মচাৰীয়ে পৰিধান কৰিব লাগিব মাস্ক, হেণ্ডগ্লোভচ। মানি চলিব লাগিব সামাজিক দূৰত্ব।

দাম নিয়ন্ত্ৰণ আৰু কৃত্ৰিম নাটনি ৰোধৰ দায়িত্ব থাকিব দোকানী আৰু খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ওপৰত।

৬ জুলাই আৰু ৮ জুলাইৰ দিনা ঘৰে ঘৰে শাক-পাচলি, ফলমূল বিক্ৰী কৰিব পাৰিব। পুৱা ৮ বজাৰ পৰা বিয়লি ২ বজালৈকে বিক্ৰী কৰাৰ অনুমতি দিয়া হৈছে।

কাইলৈ অৰ্থাৎ ৫ জুলাই আৰু ৭ জুলাইৰ দিনা গেলামালৰ পাইকাৰী দোকানসমূহ খুলিব পাৰিব। বিয়লি ৩ বজাৰ পৰা ৬ বজালৈকে এই বিপনীসমূহ খুলিব পাৰিব।

অসমৰ মুখ্য সচিবৰ নিৰ্দেশৰ প্ৰতিলিপি।

FCI ৰ সকলো কাম কাজ কাইলৈৰ পৰা আৰম্ভ কৰিব পাৰিব। মাথোঁ লোডিং আনলোডিং কৰাৰ সময়ত সামাজিক দূৰত্ব মানি চলিব লাগিব।

অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনসমূহে কামৰূপ মহানগৰৰ ভিতৰত কোনো ষ্টপেজত নৰখোৱাকৈ যাব পাৰিব।

ঔষধৰ পাইকাৰী বিক্ৰী ৬ জুলাই আৰু ৮ জুলাইৰ দিনা পুৱা ১০ বজাৰ পৰা ৩ বজালৈকে অনুমতি দিয়া হৈছে।

পশু চিকিৎসা কেন্দ্ৰ, ঔষধৰ বিপনীসমূহ ৬ জুলাই আৰু ৮ জুলাইৰ দিনা খুলিব পাৰিব।

Related News