• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মই মামাৰ মানুহ : গুৱাহাটীত বিদ্যুৎ সংযোগ নিদি গ্ৰাহকক ভাবুকি এপিডিচিএল বিষয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 27, 2026 5:47 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ জালুকবাৰী অঞ্চলত অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলৰ এজন উচ্চপদস্থ বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এজন স্থানীয় বাসিন্দাই অভিযোগ কৰিছে যে এই বিষয়াজনে কেৱল বিদ্যুৎ সংযোগ দিবলৈ অস্বীকাৰ কৰাই নহয়, লগতে গ্ৰাহকজনক তীব্ৰ ভাবুকি আৰু মানসিক হাৰাশাস্তিও প্ৰদান কৰিছে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

অভিযোগকাৰী ধনজিৎ দেৱনাথে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, তেওঁ যোৱা বছৰৰ ৫ জুলাইতে নিজৰ মাটিৰ বাবে বিদ্যুৎ সংযোগ বিচাৰি বিভাগীয়ভাৱে আবেদন কৰিছিল। কিন্তু এবছৰতকৈও অধিক সময় পাৰ হৈ যোৱাৰ পাছতো তেওঁৰ ঘৰলৈ বিজুলী নাহিল।

Apply Now

দেৱনাথে স্পষ্ট কৰি দিছে যে তেওঁৰ মাটিৰ সম্পৰ্কীয় যিবোৰ আইনী বিবাদ আছিল, সেইবোৰ ইতিমধ্যে নিষ্পত্তি হৈছে আৰু তেওঁৰ পক্ষত আদালতৰ এটা স্পষ্ট ৰায়ো আছে। ইয়াৰ পাছতো জালুকবাৰী উপ-বিভাগীয় অভিযন্তা ৰুবুল আলোয়ে আদালতৰ নিৰ্দেশক কোনো গুৰুত্ব নিদি তেওঁক বাৰে বাৰে হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন হৈছে।

ধনজিৎ দেৱনাথৰ আটাইতকৈ চাঞ্চল্যকৰ অভিযোগটো হ’ল অভিযন্তা ৰুবুল আলোয়ে তেওঁক মুকলিকৈ ৰাজনৈতিক ক্ষমতাৰ ভয় দেখুৱাইছে। অভিযোগ অনুসৰি অভিযন্তাজনে তেওঁক উদ্দেশ্যি কৈছিল যে তেওঁ মুখ্যমন্ত্ৰীৰ মানুহ আৰু কোনেও তেওঁৰ একো কৰিব নোৱাৰে। তেওঁ আনকি মই মামাৰ মানুহ বুলিও দম্ভালি মাৰিছিল বুলি অভিযোগ কৰা হৈছে। দেৱনাথে কয় যে বিষয়াজনে তেওঁক আঙুলি দেখুৱাই ইতিকিং কৰিছিল আৰু নিজকে মুখ্যমন্ত্ৰীৰ দ্বাৰা প্ৰত্যক্ষভাৱে নিযুক্ত বুলি কৈ তেওঁৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাটো অসম্ভৱ বুলি দাবি কৰিছিল।

এই সমগ্ৰ ঘটনাই অভিযোগকাৰীজনক মানসিকভাৱে যথেষ্ট হতাশ কৰি তুলিছে। বিষয়াজনৰ এনে আচৰণে তেওঁৰ সামাজিক সন্মানো হানি কৰিছে বুলি দেৱনাথে উল্লেখ কৰে। উপায়বিহীন হৈ অৱশেষত ধনজিৎ দেৱনাথে জালুকবাৰী আৰক্ষী থানাত এই সন্দৰ্ভত এক আনুষ্ঠানিক গোচৰ ৰুজু কৰিছে। তেওঁ জনাইছে যে দেশৰ আইনী ব্যৱস্থাৰ ওপৰত তেওঁৰ গভীৰ বিশ্বাস আছে আৰু তেওঁ আশা কৰে যে আৰক্ষীয়ে এই বিষয়টোৰ উচিত তদন্ত কৰি তেওঁক ন্যায় প্ৰদান কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm
বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

বিপদ বাঢ়িল স্বতন্ত্ৰ ভৰদ্বাজৰ! আটক কৰাৰ লগতে জাপি দিয়া হ’ল পকচো আৰু এছ চি/এছ টি আইন

September 5, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd