NORTHEAST NOW (Assamese)

মহানগৰীত নিশা ঘৰত সোমাই মাতৃ-কন্যাক চুৰিকাঘাট; এজন নিহত

July 3, 2019 10:55 am · এন ই নাও নিউজ

গুৱাহাটীৰ পাঞ্জাবাৰীত মঙলবাৰে নিশা সংঘটিত এক ভয়ংকৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পাঞ্জাবাৰীৰ গণেশ মন্দিৰৰ সমীপৰ এটা বাসগৃহত কালি নিশা দুৰ্বৃত্তই প্ৰৱেশ কৰি মাতৃ আৰু কন্যাক চুৰিকাঘাট কৰে।

উক্ত আক্ৰমণৰ ফলত মাতৃ উৰ্বশী কৈৱৰ্তই প্ৰাণ হেৰুৱাব লগীয়া হয়।

স্থানীয় লোকে জনোৱা মতে নিশা প্ৰায় ৯:৩০ মান বজাত এটা দুৰ্বৃত্তৰ দলে লোকঘৰত সোমাই চলোৱা উক্ত আক্ৰমণত গুৰুতৰভাৱে আহত মাতৃ উৰ্বশী কৈৱৰ্ত আৰু কন্যা থাপনা কৈৱৰ্তক সংকটজনক অৱস্থাত নিশাই দিচপুৰ জি এন আৰ চিত ভৰ্তি কৰোৱা হৈছিল যদিও মাতৃগৰাকীয়ে চিকিৎসালয়তে শেষ নিস্বাস ত্যাগ কৰে।

ইতিমধ্যে সমগ্ৰ ঘটনা সম্পৰ্কে সাতগাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আনহাতে পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি থাপনা কৈৱৰ্তই দলটোক চিনি পাইছে দুবৃত্তৰ দলটোক চিনি পাইছে।

২গৰাকী মহিলাসহ ৪জন লোকে উক্ত ঘটনাটো সংঘটিত কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে মহিলা ২গৰাকীক গ্ৰেপ্তাৰ কৰিছে যদিও আক্ৰমণত জড়িত আন দুজন লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই।

নিহত মহিলাগৰাকীৰ ভাতৃয়ে জনোৱা মতে দুৰ্বৃত্তৰ দলটোৱে পৰিয়ালটোক ১০ লাখ টকা দাবী কৰিছিল, দাবী কৰা ধন নিদিয়াৰ বাবেই এইদৰে আক্ৰমণ চলোৱা হয় বুলি তেওঁ কয়।

আহত কন্যা থাপনা কৈৱৰ্ত বাতৰি লিখা পৰ্যন্ত দিচপুৰ জি এন আৰ চিত চিকিৎসাধীন হৈ আছে।

Related News