NORTHEAST NOW (Assamese)

ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হওক : গুৱাহাটী আৰক্ষী আয়ুক্ত

January 3, 2020 3:43 pm · এন ই নাও নিউজ
মুন্না প্ৰসাদ গুপ্তা, উৎস-ইণ্টাৰনেট

‘‘আমি নাগৰিকত্ব (সংশোধনী) আইনক লৈ দিয়া ছ’চিয়েল মিডিয়া পোষ্ট লক্ষ্য কৰি আছো,’’ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই কয়।

‘‘কোনোবা ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে উত্তেজনা সৃষ্টি কাৰী পোষ্ট দিয়া দেখিলে আমি সেই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম,’’ আয়ুক্ত গৰাকীয়ে পুনৰ কয়।

আৰক্ষী আয়ুক্ত গৰাকীয়ে সকলোকে যোগাত্মক ধৰণে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় কোনোধৰণৰ সমাজ বিৰুদ্ধ পোষ্ট নিদিবলৈ অনুৰোধ কৰে।

আৰক্ষী আয়ুক্ত গৰাকীয়ে বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি এনেদৰে মন্তব্য কৰে।

আনহাতে, ডিচেম্বৰৰ ১০-১২ তাৰিখলৈ গুৱাহাটী মহানগৰীত হোৱা নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা হিংসাত্মক কাৰ্য্যকলাপৰ সম্পৰ্কত আৰক্ষীৰ হাতত পৰ্য্যাপ্ত প্ৰমাণ মজুত আছে বুলি তেওঁ উল্লেখ কৰে।

‘‘আমি অধিক তথ্য আৰু প্ৰমান সংগ্ৰহ কৰি আছো আৰু ঘটনাৰ তদন্ত অব্যাহত ৰাখিছো,’’ গুপ্তাই লগতে কয়।

 

Related News