গুৱাহাটী মহানগৰীৰ পাণবজাৰ অঞ্চলত সোমবাৰে নিশা এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। গৌহাটী উচ্চ ন্যায়ালয়ৰ সমীপৰ মুখ্য ন্যায়াধীশৰ চৰকাৰী বাসগৃহৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাটোত এগৰাকী যুৱতীয়ে অকাল মৃত্যুক সাৱটি লয়।
নিহত যুৱতীগৰাকী মহানগৰীৰ ফটাশিল আমবাৰী অঞ্চলৰ নিহা দাস বুলি চিনাক্ত কৰা হৈছে। প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰৰ মতে, সোমবাৰে গভীৰ নিশা তীব্ৰবেগী এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ মাজত থকা ৰোড ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত যুৱতীগৰাকী থিতাতে নিহত হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, দুৰ্ঘটনাৰ সময়ত বাহনখনত মুঠ তিনিজন ব্যক্তি আছিল। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে বাহনখনত থকা আন দুজন লোকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে আৰক্ষীয়ে বাহনখনৰ চালকজনক আটক কৰিবলৈ সক্ষম হৈছে। বৰ্তমান আৰক্ষীয়ে চালকজনক সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।





