NORTHEAST NOW (Assamese)

ফেচবুকত বিতৰ্কিত পোষ্ট কৰাৰ অপৰাধত কাৰাগাৰলৈ নিক্ষেপ গুঃ বিশ্ববিদ্যালয়ৰ ছাত্ৰ নেতা দ্বীপজ্যোতিক

July 21, 2020 6:10 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যনৰত RCC-4 ছাত্ৰাবাসৰ দ্বীপজ্যোতি গগৈক কালি ক্ৰাইম ব্রাঞ্চ-এ শিৱসাগৰ থাওৰাৰ পৰা গ্ৰেপ্তাৰ কৰি পোনে পোনে আনে গুৱাহাটীলৈ।

আজি দ্বীপজ্যোতি গগৈক গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰলৈ নিক্ষেপ কৰিলে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে।

দ্বীপজ্যোতিক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

দ্বীপজ্যোতিৰ বিৰুদ্ধে আৰক্ষীৰ অপৰাধ শাখাই ভাৰতীয় দণ্ডবিধি আইন (IPC) ৰ ৪২০/৪১৯/৩৪ আৰু IT Act ৰ ৬৬(c) ধাৰাৰ অধীনত ১১/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰিছে।

দ্বীপজ্যোতিৰ অপৰাধ “সৰ্বানন্দ সোণোৱালৰ এখন পুৰণি ফটো দি বানপানীৰ বাবে সাহাৰ্য বিচাৰি দিয়া এটা ফেচবুক পোষ্ট।”

যিখন ফটো ২০১৯ চনৰ ১৫ জুলাইৰ নৰ্থ ইষ্ট নাওত বাতৰিৰ সৈতে প্ৰকাশ পাইছিল।

উক্ত বাতৰিটোৰ আছিল : বন্যাক্ৰান্তক দিবলৈ অসম চৰকাৰে ৰাইজৰ পৰা সাহায্য বিচৰাত ব্যাপক প্ৰতিক্ৰিয়া

যোৱা বৰ্ষৰ এই বাটৰিটোৰ ফটো স্ক্ৰীন শ্বট মাৰি এইবাৰৰ বুলি ফেচবুকত প্ৰচাৰ কৰিছিল একাংশই।

সেইবাবেই ক্ৰাইম ব্ৰাঞ্চে দ্বীপজ্যোতিক গ্ৰেপ্তাৰ কৰা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।

উল্লেখ্য যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে ‘কা’ বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল।

‘কা’ বিৰোধী আন্দোলন তথা বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰাৰ বাবেই দ্বীপজ্যোতি গগৈ নামৰ এক প্ৰতিবাদী সত্তাক প্ৰশাসনে গ্ৰেপ্তাৰ কৰি কণ্ঠৰোধ কৰাৰ চেষ্টা চলাইছে বুলি গুৰুতৰ অভিযোগ তোলে স্থানীয় ৰাইজে।

ইপিনে, দ্বীপজ্যোতিক গ্ৰেপ্তাৰৰ পাছতে ছচিয়েল মেডিয়াত উঠিছে প্ৰতিবাদৰ জোৱাৰ। সকলোৱে একেমুখে দ্বীপজ্যোতিক মুকলি কৰি দিবলৈ আহ্বান জনোৱাৰ লগতে বিজেপি শাসনাধীন ৰাজ্য চৰকাৰে প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে “ঠিক আছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ফেচবুকত ভুৱা পোষ্ট দিয়াৰ বাবে এই ক’ৰ’ণাৰ সময়তো এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰি কাৰাগৰলৈ পঠাইছা, কিন্তু নিতৌ ভুৱা ফেচবুক পোষ্ট দি সাম্প্ৰদায়িক হিংসা বিয়পাই থকা আপোনালোকৰ BJP IT Cell ৰ সদস্যকেইটাক কিয় গ্ৰেপ্তাৰ নকৰে? আইন সকলোৰে বাবে বেলেগ কিয়? ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দি থকা আপোনালোকৰ প্ৰধানমন্ত্ৰী আৰু আপোনালোকৰ নেতাসকলৰ বিৰুদ্ধে একো ব্যৱস্থা নহয় কিয়? এই প্ৰশ্নবোৰৰ উত্তৰ এদিন দিব লাগিব ।”

Related News