• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছয়মাইল উৰণীয়া সেতুৰ তলৰ এখন পঢ়াশালি, এগৰাকী যুৱতী আৰু এজাক কণমানি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 8, 2020 9:05 pm
1.5k
VIEWS
Share on FacebookShare on Twitter

কিছুমান মানুহ ৰৈ যায়, কিছুমান মানুহ বৈ যায়। কিছুমান মানুহে কিবা এটা পোৱাৰ পাছত ৰৈ যায়। কিছুমানে একো নোপোৱাকৈয়ে চিৰদিনলৈ ৰৈ যায়। ৰৈ যোৱা কাহিনীবোৰ দুখৰ আৰু বৈ যোৱা কাহিনীবোৰ সাহসৰ। ৰৈ যোৱাৰ হাজাৰটা কাৰণ অজুহাত বাধা থাকে। কিন্তু মাত্ৰ মানৱীয় প্ৰমূল্যবোধৰ কাৰণৰ বাবেই কোনোবা ওৰে জীৱন বৈ থাকিব পাৰে হেৰাই যোৱা ভৱিষ্যতৰ মাজত, মানুহৰ মাজত, সমাজৰ মাজত। তেনে এগৰাকী যুৱতীয়েই হৈছে সোণালী গগৈ ।

সুখ বিচাৰি অতীতলৈ নাযাব,পুৰণি কথাই আঘাত দিব। ভৱিষ্যতলৈও নাযাব, মনটো আশংকাৰে ভৰি পৰিব। সুখ কেৱল বৰ্তমানতহে পাব সেই মুহূৰ্তটোকে প্ৰাণভৰি উপভোগ কৰক এই কথাষাৰ সৰোগত কৰি দুৰ্ভগীয়ালোকক সহায় কৰি আহিছে সোণালী গগৈয়ে।

গুৱাহাটীৰ ছয়মাইলৰ উৰণীয়া সেতুৰ তলত প্ৰায় এমাহ ধৰি এচাম শিশুক শিক্ষাৰ পোহৰ বিলাই আহিছে সোণালী গগৈয়ে।  শিক্ষাৰ পোহৰ নপৰা এইসকল শিশুৱে গচকি পোৱা নাই বিদ্যালয়ৰ বাৰাণ্ডা। বাটে-পথে বটল, খাদ্য বস্তু বুটলি ফুৰা এজাক কণমানি শিশুক যোৱা ১৪ ফেব্ৰুৱাৰি অৰ্থ্যাৎ প্ৰেমৰ দিনটোৰ পৰাই সম্পূৰ্ণ একক প্ৰচেষ্টাৰে শিক্ষা দান কৰি আহিছে সোণালীয়ে।

এক ক্ষুদ্ৰ ব্যৱসায় চলাই থকা সোণালী গগৈ সাহিত্য চৰ্চাৰ লগতো জড়িত।

অতি ব্যস্ততাৰ মাজতো সময় উলিয়াই মনত থকা হেপাহ পূৰণৰ উদ্দেশ্যে কণমানি সকলক পাঠদান কৰাত ব্যস্ত হৈ আছে সোণালী গগৈ।

ইপিনে, সোণালীৰ পাঠদান প্ৰক্ৰিয়াক লৈয়ো সন্তুষ্ট কণ কণ শিশুসকল। অ, আ, ক, খ একো নজনা শিশুসকলে এমাহৰ ভিতৰতে অসমীয়া স্বৰবৰ্ণ, ব্যঞ্জনবৰ্ণ, ইংৰাজী বৰ্ণমালাকে ধৰি নিজৰ নাম ঠিকনা লিখিব পৰা হৈছে।

ইয়াৰোপৰি পঢ়া-শুনাৰ উপৰিও সুস্থ দেহ মন গঢ়ি তোলাৰ নিমিত্তে সোণালীয়ে ৰাতিপুৱা খেলা-ধূলা শৰীৰ চৰ্চাও কৰাই সোণালীয়ে।

নাৰী দিৱসৰ দিনটোত সোণালীৰ এই প্ৰয়াসৰ শলাগ নিশ্চয়কৈ ল’ব সকলোৱে। নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰাও সোণালীলৈ জনাইছো অলেখ শুভকামনা। প্ৰত্যেকগৰাকী নাৰীৰ বাবে আদৰ্শ হৈ ৰওঁক সোণালী।

Recent News

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

ছাত্ৰ বৃত্তি কেলেংকাৰিৰ চিবিআই,নিয়াৰ তদন্তৰ দাবী ৰাষ্ট্ৰীয় ছাত্ৰ সন্থা অসম শাখাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd