• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিঠিৰ বিষ হ’লে চিকিৎসকৰ কাষলৈ যোৱাটো কিয় জৰুৰী? জানি থওক আঠটা গুৰুত্বপূৰ্ণ লক্ষণ

পিঠিৰ বিষ কেইবাপ্ৰকাৰৰো হ'ব পাৰে। যেনে মাংসপেশীত সামান্য বিষ হোৱা, হঠাতে তীব্ৰ বিন্ধা বা পোৰণি অনুভৱ হোৱা, বা পিঠিত কোনো চোকা বস্তুৰে বিন্ধা যেন লগা আদি। কেতিয়াবা এই বিষ পিঠিৰ পৰা আৰম্ভ হৈ তললৈ ভৰিলৈকে বিয়পি পৰে। ইয়াৰ উপৰিও তললৈ হালিলে, শৰীৰটো ঘূৰালে, কোনো গধুৰ বস্তু উঠালে, বা বেছি সময় ধৰি থিয় হৈ থাকিলে আৰু খোজ কাঢ়িলে এই বিষ অধিক বৃদ্ধি পাব পাৰে। যদি আপুনি পিঠিৰ বিষৰ বাবে কেইবা সপ্তাহ ধৰি ঘৰুৱা উপায় অৱলম্বন কৰি আছে, যেনে গৰম পানীৰ সেক দিয়া, বিষ নিৰাময় কৰা মলম লগোৱা বা বিশ্ৰাম লোৱা আৰু তাৰ পিছতো বিষৰ কোনো উপশম ঘটা নাই, তেন্তে ইয়াৰ আঁৰত অন্য কোনো কাৰণ থাকিব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2026 6:45 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পিঠিৰ বিষ বৰ্তমান সময়ত এক সাধাৰণ সমস্যা হৈ পৰিছে। মানুহৰ ব্যস্ত জীৱনশৈলী, বহাৰ ভুল ধৰণ আৰু দীৰ্ঘ সময় ধৰি চকীত বহি থকাৰ বাবে এই সমস্যা বেছিকৈ হোৱা দেখা যায়। কিন্তু আপুনি জানেনে যে কেতিয়াবা এই পিঠিৰ বিষ কোনো ডাঙৰ ৰোগৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে। প্ৰায়ে মানুহে বুজি নাপায় যে তেওঁলোকে পিঠিৰ বিষৰ বাবে কিমান দিনলৈ অপেক্ষা কৰা উচিত আৰু কেতিয়া চিকিৎসকৰ কাষলৈ যোৱাটো প্ৰয়োজন। সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে এনে আঠটা লক্ষণৰ বিষয়ে উল্লেখ কৰিছে যাক কেতিয়াও আওকাণ কৰিব নালাগে।

পিঠিৰ বিষ কেইবাপ্ৰকাৰৰো হ‘ব পাৰে। যেনে মাংসপেশীত সামান্য বিষ হোৱা, হঠাতে তীব্ৰ বিন্ধা বা পোৰণি অনুভৱ হোৱা, বা পিঠিত কোনো চোকা বস্তুৰে বিন্ধা যেন লগা আদি। কেতিয়াবা এই বিষ পিঠিৰ পৰা আৰম্ভ হৈ তললৈ ভৰিলৈকে বিয়পি পৰে। ইয়াৰ উপৰিও তললৈ হালিলে, শৰীৰটো ঘূৰালে, কোনো গধুৰ বস্তু উঠালে, বা বেছি সময় ধৰি থিয় হৈ থাকিলে আৰু খোজ কাঢ়িলে এই বিষ অধিক বৃদ্ধি পাব পাৰে। যদি আপুনি পিঠিৰ বিষৰ বাবে কেইবা সপ্তাহ ধৰি ঘৰুৱা উপায় অৱলম্বন কৰি আছে, যেনে গৰম পানীৰ সেক দিয়া, বিষ নিৰাময় কৰা মলম লগোৱা বা বিশ্ৰাম লোৱা আৰু তাৰ পিছতো বিষৰ কোনো উপশম ঘটা নাই, তেন্তে ইয়াৰ আঁৰত অন্য কোনো কাৰণ থাকিব পাৰে। এনে ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয় হৈ পৰে।

আনহাতে যেতিয়া পিঠিৰ বিষ ইমানেই বাঢ়ি যায় যে ই আপোনাৰ দৈনন্দিন কাম-কাজত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে, তেতিয়া ইয়াক কেতিয়াও সাধাৰণ বুলি ল’ব নালাগে। যদি বিষৰ বাবে আপোনাক উঠা-বহা কৰিবলৈ, খোজ কাঢ়িবলৈ বা কাৰ্যালয় আৰু ঘৰৰ নিয়মীয়া কাম কৰাত যথেষ্ট অসুবিধা হয়, তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে। যদি আপুনি আপোনাৰ পিঠিৰ বিষক লৈ অতিশয় চিন্তিত হ’বলৈ ধৰিছে বা এই বিষ অসহনীয় হৈ পৰিছে যাৰ ফলত আপোনাৰ মানসিক শান্তি বিঘ্নিত হৈছে, তেন্তে পলম নকৰাকৈ চিকিৎসকৰ কাষ চাপক। যদি আপোনাৰ পিঠিত বিষ আছে আৰু ইয়াৰ লগতে কোনো ধৰণৰ ব্যায়াম বা খাদ্য নিয়ন্ত্ৰণ নকৰাকৈয়ে আপোনাৰ ওজন ক্ৰমান্বয়ে হ্ৰাস পাই আছে, তেন্তে ই এক গুৰুতৰ লক্ষণ। অজানিতে ওজন হ্ৰাস পোৱাটো শৰীৰৰ কোনো গুৰুতৰ সমস্যাৰ প্ৰতি ইংগিত দিয়ে।

Apply Now

আপোনাৰ পিঠিখন চুই বা আইনাত চাই পৰীক্ষা কৰক। যদি আপুনি পিঠিৰ কোনো অংশত কিবা টান বা ফুলা অনুভৱ কৰে, বা আপোনাৰ মেৰুদণ্ড বা পিঠিৰ স্বাভাৱিক আকৃতি সলনি হোৱা যেন অনুভৱ কৰে, তেন্তে ই লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱাৰ সংকেত দিয়ে। সাধাৰণতে পিঠিৰ বিষ জিৰণি ল’লে বা শুই থাকিলে কম হয়। কিন্তু যদি আপোনাৰ বিষ জিৰণি লোৱাৰ পিছতো কমা নাই, বা ৰাতি শুই থকাৰ সময়ত এই বিষ অধিক হৈ পৰে, তেন্তে ই কোনো গুৰুতৰ ফুলা বা মেৰুদণ্ডৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। যেতিয়া আপুনি হাঁচি মাৰে, কাহে বা শৌচ কৰিবলৈ যায়, আৰু সেই সময়ত পিঠিত হঠাতে তীব্ৰ জোকাৰণি বা বিষ অনুভৱ হয়, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব। ই মেৰুদণ্ডৰ স্নায়ুত হেঁচা পৰাৰ সংকেত হ’ব পাৰে।

বেছিভাগ মানুহৰ পিঠিৰ তলৰ অংশত বিষ হয়, যিটো অতি সাধাৰণ কথা। কিন্তু বিশেষজ্ঞসকলৰ মতে, যদি আপোনাৰ বিষ পিঠিৰ একেবাৰে ওপৰৰ অংশত অৰ্থাৎ দুয়োখন কান্ধৰ মাজৰ পৰা আৰম্ভ হয়, তেন্তে লগে লগে চিকিৎসকক দেখুওৱাটো অতি প্ৰয়োজনীয়। এই প্ৰবন্ধটোত দিয়া তথ্যসমূহৰ উদ্দেশ্য কেৱল ৰোগ আৰু স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহৰ প্ৰতি সজাগতা বৃদ্ধি কৰা। পাঠকসকলক পৰামৰ্শ দিয়া হয় যে তেওঁলোকে নিজৰ ইচ্ছামতে কোনো ধৰণৰ ঔষধ বা চিকিৎসা গ্ৰহণ নকৰি এই বিষয়ে বিশেষজ্ঞ বা চিকিৎসকৰ পৰামৰ্শ অৱশ্যেই লয়।

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

হৰেকৃষ্ণ ডেকাৰ কবিতা- পতাকাখন

August 16, 2026 9:54 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 16, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd