আজি গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু; যান-বাহন চলাচলৰ বাবে দিয়া হৈছে বিশেষ নিৰ্দেশনা

Venkaiah-Naidu

Vice President’s visit to Assam: অসমত এলানি কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দেওবাৰে গুৱাহাটীত উপস্থিত হ’ব উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু।

উপ ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটীৰ পুৰণি উপায়ুক্তৰ বাংলোত ঐতিহ্য তথা সাংস্কৃতিক কেন্দ্ৰটো উদ্বোধন কৰিব।

অসম চৰকাৰে ৰাষ্ট্ৰীয় সংহতি তথা ৰাষ্ট্ৰীয় বৰঙণিৰ বাবে আগবঢ়োৱা লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক বিশেষ অনুষ্ঠানত উপ ৰাষ্ট্ৰপতি নাইডুৱে প্ৰদান কৰিব।

নাইডুৱে সোমবাৰে পুৱা মেঘালয় ভ্ৰমণৰ বাবে শ্বিলঙলৈ বুলি ৰাওনা হ’ব।

আনহাতে, উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ অসম আগমণৰ বাবে মহানগৰীৰ যান-বাহন আৰক্ষীয়ে মহানগৰীত চলাচল কৰা যান-বাহনৰ বাবে কিছু বিশেষ নিৰ্দেশনা দাঙি ধৰিছে।

মহানগৰ যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৩ অক্টোবৰত ৩৭ আৰু ২৭ নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থাকিব।

আৰু পঢ়ক: দালালৰ পৰা উৎকোচ লোৱাৰ গোচৰত গ্ৰেপ্তাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰ

পুৱা ৮ৰ পৰা নিশা ৯ বজালৈ দুয়োটা পথত সকলো গধুৰ যান-বাহনৰ চলাচল বন্ধ থাকিব। ৪ অক্টোবৰতো ৩৭ আৰু ২৭ নং ৰাষ্ট্রীয় ঘাইপথ বন্ধ থাকিব।

পুৱা ৫ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ সকলো গধুৰ যান-বাহন চলাচল বন্ধ থাকিব।

সেইদৰে, দেওবাৰৰ পুৱা ৬ বজাৰ পৰা কেইবাটাও পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ থাকিব। মহানগৰীৰ DG Road, MG Road, FC Road, তৈয়বুল্লা ৰ’ড, GNB Road, B Boruah Road, GS Road আৰু পাঞ্জাবাৰী পথত সকলো বাণিজ্যিক বাহন বন্ধ থাকিব।

লগতে পঢ়ক: আৰক্ষীৰ জিম্মাৰ পৰাই বিধায়ক শ্বেৰমানৰ দাবী সাম্প্ৰদায়িক মন্তব্যৰ বাবে গ্ৰেপ্তাৰ হ’ব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তদুপৰি, দেওবাৰে ভৰলুমুখৰ দিশৰ পৰা চানমাৰি দিশলৈ অহা বাহনৰ পথ সলনি কৰা হৈছে। বাহনসমূহ যশোৱন্ত ৰ’ড হৈ HB ৰ’ড আৰু NCB হলৰ দিশে যাব পাৰিব।

ইপিনে, উজান বজাৰৰ দিশৰ পৰা মাছখোৱাৰ পিনে যোৱা বাহনসমূহৰো গতি সলনি কৰা হৈছে। বাহনসমূহ DC Court হৈ কমিচনাৰ পইণ্টৰ দিশে যাব পাৰিব।

আনহাতে, DC Courtৰ দিশেৰ পৰা অহা বাহনসমূহ HB ৰ’ড, JC দাস ৰ’ড হৈ MG ৰ’ডৰ পিনে যাব পাৰিব।