NORTHEAST NOW (Assamese)

২ মে’ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা

April 17, 2019 4:01 pm · এন ই নাও নিউজ
Updated: April 17, 2019 4:04 pm
প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ স্বীকৃতিপ্ৰাপ্ত মহাবিদ্যালয়সমূহৰ বাবে অহা ২-৩ মে’ত গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অনুষ্ঠিত হ’ব আন্তঃমহাবিদ্যালয় বাস্কেটবল প্ৰতিযোগিতা।

গুৱাহাটী বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদৰ উদ্যোগত ল’ৰা আৰু ছোৱালী উভয় শাখাৰ বাবে প্ৰতিযোগিতাখন অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত ভাব ল’ব বিচৰা মহাবিদ্যালয় সমূহক ২৬ এপ্ৰিলৰ পূৰ্বে আয়োজক সমতিয়ে নিজৰ নাম সমূহ পঞ্জীয়ণ কৰাৰ বাবে আহ্বান জনাইছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্চন কুমাৰ কাকতিয়ে প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ হ’ব বুলি জানিবলৈ দিয়ে।

আনহাতে, বিশ্ববিদ্যালয়ৰ মজিয়াত প্ৰতিযোগিতাখন আয়োজনৰ সময়ত গুৱাহাটী বিশ্ববিদ্যায় স্নাতকোত্তৰ ছাত্ৰ সন্থাই সকলো প্ৰকাৰৰ সহায়-সহযোগিতা কৰাৰ বাবে আগ্ৰহী বুলিও মন্তব্য কৰে।

প্ৰতিবছৰে গুৱাহাটী বিশ্ববিদ্যালয়ে ইয়াৰ অধীনস্থ মহাবিদ্যালয়সমূহৰ মাজত থকা ক্ৰীড়া প্ৰতিভা সমূহ বিচাৰি উলিওৱাৰ বাবে এনেধৰণে ক্ৰিকেট, ফুটব’ল, বাস্কেটবল আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয় সমূহেও বিশ্ববিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কৰি অহা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণৰ বাবে সদায় আগ্ৰহী হৈ থাকে বুলি বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-কল্যাণ সঞ্চালক ৰঞ্জন কুমাৰ কাকতিয়ে মত প্ৰকাশ কৰে।

Related News