• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভুৱনেশ্বৰ কলিতা বিধেয়ক বিৰোধী, দিলীপ শইকীয়া সমৰ্থক- ৰাইজে বিচাৰ কৰি ভোট দিয়ক: অখিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 17, 2019 5:02 pm
Loksabha election: Congress' Bhubaneswar Kalita opposes citizenship bill, BJP's Dilip Saikia supports it-- now decide and vote, Akhil pleads people of Assam

অখিল গগৈ। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কিত নাগৰিকত্ব বিধেয়কৰ সমৰ্থক আৰু বিৰোধীৰ বিচাৰ কৰি চাই ৰাইজক ভোট দিবলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে পুনৰ আহ্বান জনাইছে অখিল গগৈয়ে।

বিধেয়ক সন্দৰ্ভত নিৰ্বাচনটোৰ মূল প্ৰতিদ্বন্দ্বী কংগ্ৰেছ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় স্থিতিৰ প্ৰসংগেৰে মঙলদৈ সমষ্টিৰ প্ৰাৰ্থীদ্বয় ভুৱনেশ্বৰ কলিতা আৰু দিলীপ শইকীয়াৰ উদাহৰণ দাঙি ধৰি বুধবাৰে এই আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনে।

Apply Now

“ভুৱনেশ্বৰ কলিতাই নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰে। তাৰ বিপৰীতে দিলীপ শইকীয়াই প্ৰতিখন সভা-সমিতি আৰু সংবাদমেলত বিধেয়কৰ সপক্ষে ভাষণ দিয়ে। গতিকে ৰাইজে বিচাৰ কৰি চাব কাক ভোট দিয়াটো ভাল।” অখিল গগৈৰ মন্তব্য।

বিজেপিক ভোট দিয়া অসমীয়াসকল প্ৰকৃত অসমীয়া নহয় আৰু এই কাম “আত্মঘাতী” বুলিও তেওঁ মন্তব্য কৰিছে।

গেৰুৱা দল পুনৰ শাসনলৈ আহিলে বিধেয়ক গৃহীতকৰণৰ বাবে লোৱা ৰাষ্ট্ৰীয় সংকল্প নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে মঙলবাৰে শিলচৰত দোহাৰাৰ কথাও গগৈয়ে উল্লেখ কৰে।

“অসমীয়া জাতিৰ বাবে ই অতি ভয়ংকৰ ঘটনা। বিজেপিয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰূপে বিদেশীক অসমলৈ আনিব বিচাৰিছে।” গগৈয়ে কয়।

বিধেয়কবিৰোধী অসমৰ প্ৰায় ৭০টা সংগঠনৰো নেতৃত্ব দিয়া গগৈয়ে লগতে কয় যে ২০১৪ চনত বিজেপিৰ সপক্ষে ঢৌ থকাৰ বিপৰীতে এই নিৰ্বাচনত দলটোৱে “হিন্দু-মুছলমান”ৰ ৰাজনীতি কৰিব খুজিছে।

“জিন্না, আজমল, বাংলাদেশী এইকেইটা নাম লৈ ৰাজনীতি কৰে বিজেপিয়ে।” তেওঁৰ মন্তব্য।

তাৰ বিপৰীতে যোৱা চাৰে তিনি বছৰত মাত্ৰ ৪জনহে বিদেশী খেদাৰ প্ৰসংগ উল্লেখ কৰি গেৰুৱা দলটোৱে কৈ অহা “অসমক পাকিস্তান হ’বলৈ নিদিওঁ” বোলা দাবীক তেওঁ সমালোচনা কৰে।

তেওঁ দাবী কৰে যে এন আৰ চিৰ পৰা বাদ পৰা বিদেশীক স্বদেশী কৰিবলৈকে বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ জৰিয়তে “ষড়যন্ত্ৰ” কৰিছে।

বিজেপিয়ে প্ৰচাৰ চলোৱা অসম-বাংলাদেশ সীমান্তৰ “স্মাৰ্ট ফেন্সিং” সন্দৰ্ভতো দলটোক তেওঁ সমালোচনা কৰে।

“২০১৯ চনৰ ৩১ মাৰ্চৰ ভিতৰত বিজেপি চৰকাৰে ভাৰতৰ সীমা ছীল কৰাৰ কথা কৈছিল। কিন্তু তাতো ব্যৰ্থ হৈছে বিজেপি চৰকাৰ। ৪০৯৬কিঃ মিঃৰ ভিতৰত মাত্ৰ ২৭৮৬কিঃ মিঃ হে এতিয়ালৈকে ফেন্সিং লগোৱা হৈছে,” গগৈৰ মন্তব্য।

Tags: নিৰ্বাচন ২০১৯
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd