• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2026 10:36 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

11
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট নে ভিডিঅ’ গেম! খেলখনৰ স্ক’ৰ শুনিলেই এই প্ৰশ্নটো স্বাভাৱিকতে মনলৈ আহিব। ২০ অভাৰত ৪১৭ ৰান। ৪৭টা ছয়। মেচখনত মুঠ ৬৬ টা। আগতে কেতিয়াও এনেকুৱা হোৱা নাই। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত এতিয়ালৈকে কোনো দলে ৩০০ ৰানৰ সীমা অতিক্ৰম কৰিব পৰা নাই।

কিন্তু পুৰণি চেলটেনহাম প্ৰিমিয়াৰ টি-২০ত এনে এক অদ্ভুত কাণ্ড দেখা গ’ল। খেলখন ইংলেণ্ডৰ ডাম্বলটন ক্ৰিকেট ক্লাব আৰু হেথাৰলি এণ্ড ৰেডিংছ চি চিৰ মাজত অনুষ্ঠিত হৈছিল। মঙলবাৰে ডাম্বলটনে ১৮৮ ৰানত জয়লাভ কৰে।

Apply Now

মেচখনৰ স্ক’ৰকাৰ্ডলৈ চালে ইয়াক ক্ৰিকেট খেলতকৈ ভিডিঅ’ গেম যেনহে দেখা যায়। এয়াও সম্ভৱ! এখন মেচত ৬৪৬ ৰান। যি শ্ৰেণীৰেই নহওক কিয়। ক্ৰিকেট অনুৰাগীৰ চকু কপালত তুলিছে।

ডাম্বলটনৰ এজন বেটছমেনে দ্বিশতক অৰ্জন কৰে। তাকো মাত্ৰ ৫৪টা বলত। ইংলেণ্ডৰ ক্লাব দলটোৱে ৪৭টা ছয় মাৰে। অ’পেনাৰ দুগৰাকী থমাছ কেলি আৰু ইৱান গেজে এক সুন্দৰ আৰম্ভণি কৰে। এই যুটিটোৱে ৬.১ অভাৰত ১১২ ৰান সংযোজন কৰে।

২৫ বলত ৬৪ ৰান সংগ্ৰহ কৰি আউট হয় কেলি। তাৰ পিছত গেগে দায়িত্ব নিজৰ কান্ধত তুলি লয়। তেওঁ ৫৫টা বলত ২০৬ ৰান কৰি অপৰাজিত হৈ থাকে। এই ইনিংছটোত আছিল ১৩টা চাৰি আৰু ২৩টা ছয়।

সপ্তম অভাৰত নামি ডেন হলণ্ডে শতক অৰ্জন কৰে। তেওঁ ৩৭টা বলত ১২২ ৰান সংগ্ৰহ কৰে। মাত্ৰ ৪১ মিনিটৰ বাবে তেওঁ ক্ৰীজত আছিল। তেওঁ ৪টা চাৰি আৰু ১৬টা ছয় মাৰে। দ্বিতীয় উইকেটৰ বাবে গেজ আৰু হলণ্ডে ৫৯টা বলত ২১১ ৰান সংগ্ৰহ কৰে।

দ্বিতীয় উইকেটটো আউট হোৱাৰ সময়ত ডাম্বলটনে ৪০০ ৰানৰ সীমা অতিক্ৰম কৰা নাছিল। শেষৰ অভাৰৰ দায়িত্ব লয় গেইজে। ২৪টা বলৰ ভিতৰত ১৯টা বলত নিজেই ষ্ট্ৰাইক লয়। তেওঁ দলটোক ৪০০ ৰানলৈ লৈ যায়। ৪১৭ ৰানৰ ভিতৰত ৩৭০ ৰান বাউণ্ডেৰী আৰু অভাৰ বাউণ্ডাৰীতে আহে। ইয়াৰ ভিতৰত আছিল ২২টা চাৰি আৰু ৪৭টা ছয়।

হেথাৰলি এণ্ড ৰেডিংছ চি চিয়ে আৰম্ভণিৰে পৰাই টাৰ্গেটৰ পিছত দৌৰি আক্ৰমণাত্মক ক্ৰিকেট খেলিছিল। প্ৰয়োজনীয় ৰান ৰেট আৰম্ভণিৰে পৰা ২০ ৰাণতকৈ অধিক আছিল। কিন্তু এই পাহাৰ সদৃশ স্ক’ৰ কৰাটো কেতিয়াও সম্ভৱ নাছিল। তেওঁলোক ২২৯ ৰানত অল আউট হৈছিল।

অ’পেনাৰ হেৰী ব্লুমফিল্ডছে ৪৮টা বলত ১০৯ ৰান সংগ্ৰহ কৰে। তেওঁৰ ইনিংছত আছিল ৬টা চাৰি আৰু ১২টা ছয়। হেথাৰলিয়ে ১৯টা ছয় মাৰে। দুয়োটা দলৰ মুঠ ছয়ৰ সংখ্যা ৬৬টা। মেচখনৰ শেষ উইকেটটো দ্বিশতক অৰ্জন কৰা গেজে দখল কৰে। ডাম্বলটনে ১৮৮ ৰানত জয়লাভ কৰে। কিন্তু এই মেচখনৰ স্ক’ৰব’ৰ্ডে টি-২০ ক্ৰিকেটৰ ইতিহাসত এক বিৰল অভিলেখ সৃষ্টি কৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd