লকডাউনৰ পূৰ্বে গুৱাহাটীৰ পদপথৰ গৃহহীন লোকসকলক আশ্ৰয় প্ৰদান

Guwahati's street dwellers get shelter ahead of lockdown

পদপথৰ লোকসকলক নি থকা অৱস্থাত। ছবি-- নৰ্থইষ্ট নাও।

লকডাউন আৰম্ভ হোৱাৰ পূৰ্বে মঙলবাৰে গুৱাহাটীৰ পদপথৰ গৃহহীন লোকসকলক আশ্ৰয়স্থল প্ৰদান কৰা হৈছে।

সমাজ কল্যাণ বিভাগৰ সহযোগত ৫টা বেচৰকাৰী সংস্থাই এই লোকসকলৰ দায়িত্ব বহন কৰিছে৷

মহানগৰীৰ ভৰলুমুখ,শুক্ৰেশ্বৰ মন্দিৰৰ লগতে বিভিন্ন স্থানৰ পৰা প্ৰায় ২০০ৰো অধিক গৃহহীন লোকক লৈ যোৱা হৈছে।

বেচৰকাৰী সংস্থাকেইটাই প্ৰশাসনৰ সহযোগত লোকসকলক নৈশ আশ্ৰয় স্থললৈ লৈ গৈছে৷

লোকসকলৰ বাবে থকাৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহন কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ তেওঁলোকৰ দায়িত্ব বহন কৰা হ’ব বুলি জানিব পৰা গৈছে৷

কৰ’নাভাইৰাছৰ আতংকৰ মাজত পদপথৰ লোকসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি আহিছিল।

তাৰোপৰি আন লোকলৈয়ো এইসকল লোকৰ পৰা বেমাৰ বিয়পাৰ আশংকা আছিল।