গোৱালপাৰা মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপিকা ড০ জ্ঞানশ্ৰী বৰাই বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে। গুৱাহাটীৰ ছয়মাইলত আয়োজিত এক অনুষ্ঠানত দলৰ সভাপতি অখিল গগৈৰ উপস্থিতিত তেওঁ এই সদস্যপদ গ্ৰহণ কৰে।
ৰাজনীতিত যোগদান কৰি ড০ বৰাই ঘোষণা কৰে যে তেওঁ ঘৃণা আৰু বিভাজনৰ বিপৰীতে ঐক্য আৰু দয়াৰ ৰাজনীতি কৰিব বিচাৰে। নিজকে অসমৰ ‘অগ্নিকন্যা’ বুলি অভিহিত কৰি তেওঁ ৰাজ্যখনৰ ৰাজনৈতিক পৰিৱেশ সলনি কৰাৰ লক্ষ্যৰে জনসাধাৰণৰ সৈতে আগবাঢ়ি যাব বুলি প্ৰকাশ কৰে।
শেহতীয়াকৈ চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰা ড০ বৰাই এই যোগদানক নিজৰ ঘৰলৈ উভতি অহাৰ দৰে বুলি অভিহিত কৰিছে। তেওঁ পূৰ্বতেও ৰাইজৰ দলৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল যদিও চৰকাৰী চাকৰিত যোগদান কৰাৰ বাবে দলৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশক নতুন প্ৰজন্মৰ বাবে বিপদজনক বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁ কোনো সহজ পথৰ পৰিৱৰ্তে কষ্টকৰ বাবে বাছি লৈছে। তেওঁ জাতি, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে সকলো লোককে সাৱটি এক অন্তৰ্ভুক্তিমূলক ৰাজনীতি কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।
ড০ বৰাই টকাৰ জোৰত কৰা ৰাজনীতিক কঠোৰভাৱে প্ৰত্যাখ্যান কৰি কয় যে তেওঁৰ হাতত কোনো ধন-সম্পত্তি নাই আৰু তেওঁ টকা বিলাই সমৰ্থন গোটোৱাত বিশ্বাস নকৰে। ইয়াৰ পৰিৱৰ্তে তেওঁ জনসাধাৰণৰ প্ৰকৃত সমস্যাসমূহ সমাধানৰ ওপৰত গুৰুত্ব দিব বিচাৰে। তেওঁ কয় যে তেওঁক কোনেও টকাৰে কিনিব নোৱাৰে আৰু তেওঁ সদায় অন্যায়ৰ বিৰুদ্ধে থিয় দিব। ব্যৱস্থাটো সলনি কৰিবলৈ নতুন প্ৰজন্ম ৰাজনীতিলৈ অহাটো জৰুৰী বুলিও তেওঁ মন্তব্য কৰে। তেওঁৰ মতে বৃহস্পতিবাৰৰ দিনটোৱেই আছিল তেওঁৰ সক্ৰিয় ৰাজনৈতিক জীৱনৰ প্ৰকৃত আৰম্ভণি।
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ড০ বৰাৰ যোগদানক অসমৰ ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰে। অৱশ্যে তেওঁ এতিয়াই জ্ঞানশ্ৰী বৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই সেই বিষয়ে স্পষ্টকৈ একো কোৱা নাই। গগৈৰ মতে ড০ বৰাক কোনো এক নিৰ্দিষ্ট সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হ’ব নে অন্য দায়িত্ব অৰ্পণ কৰা হ’ব সেই বিষয়ে দলৰ মাজত আলোচনা চলি আছে। তেওঁ অভিযোগ কৰে যে বৰ্তমানৰ চৰকাৰৰ দিনত মহাবিদ্যালয়ৰ চাকৰিবোৰ একপ্ৰকাৰৰ বন্ধা মজদুৰলৈ ৰূপান্তৰিত হৈছে, যাৰ বাবেই জ্ঞানশ্ৰী বৰাৰ দৰে মেধাবী লোকে চাকৰি এৰি ৰাজনীতিলৈ আহিবলৈ বাধ্য হৈছে।
অখিল গগৈয়ে ড০ বৰাৰ নিৰ্বাচনী যাত্ৰাক লৈ মৰিয়নি সমষ্টিৰ ৰাইজৰ মতামত বিচাৰিছে। তেওঁ কয় যে যদি ৰাইজে বিচাৰে তেন্তে ৰাইজৰ দলে তেওঁক নিৰ্বাচনত প্ৰক্ষেপ কৰাৰ ব্যৱস্থা কৰিব। মৰিয়নিৰ ৰাইজে বৰ্তমানৰ বিধায়কগৰাকীক পৰাস্ত কৰিবলৈ আগ্ৰহী বুলিও তেওঁ দাবী কৰে। ৰাইজৰ দলে আগন্তুক নিৰ্বাচনত বিধানসভাত ১৫ ৰ পৰা ২০ গৰাকী বিধায়ক প্ৰেৰণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। গগৈয়ে জ্ঞানশ্ৰী বৰাক ৰাজনীতিৰ গভীৰ অধ্যয়ন কৰিবলৈ আৰু তৃণমূল পৰ্যায়ৰ মানুহৰ সৈতে পোনপটীয়া সম্পৰ্ক ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।





