• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্ঞানৱাপী মছজিদ বিতৰ্কঃ’শিৱলিংগ’ৰ বয়স নিৰ্ধাৰণ কৰাৰ অনুমতি নিদিলে বাৰনসীৰ আদালতে

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 14, 2022 5:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা জ্ঞানৱাপী মছজিদ বিতৰ্কৰ গোচৰৰ শুনানি গ্ৰহণ কৰা বাৰানসী জিলা আদালতে আজি এক গুৰুত্বপূৰ্ণ ৰায় দিয়ে। সেইমৰ্মে মছজিদ চৌহদত থকা বুলি একাংশ লোকে দাবী কৰি অহা ‘শিৱলিঙ্গ’ৰ বয়স নিৰ্ণয় কৰিবলৈ কোনো ধৰণৰ পৰীক্ষা চলাবলৈ দিয়াৰ অনুমতি অগ্ৰাহ্য কৰে আদালতে।

আজি ন্যায়াধীশ অজয় কুমাৰ বিশ্বেশে মছজিদ চৌহদৰ শিৱলিঙ্গৰ বয়স নিৰ্ণয় কৰিবলৈ ‘কাৰ্বন ডেটিং’ পৰীক্ষা বিচাৰি কৰা আবেদন খাৰিজ কৰি কয় যে “শিৱলিঙ্গৰ অস্তিত্ব জানিবলৈ জ্ঞানৱাপী চৌহদত কোনো বৈজ্ঞানিক পৰীক্ষা কৰিবলৈ দিব নোৱাৰি”।

Apply Now

উল্লেখ্য আদালতত বৈজ্ঞানিক পৰীক্ষাৰ আবেদনৰ বিৰোধিতা কৰিছিল ‘অঞ্জুমান ইন্তেজামিয়া (জ্ঞানৱাপী) মছজিদ সমিতি’য়ে।

২২ ছেপ্টেম্বৰত মছজিদ চৌহদৰ নমুনাবোৰৰ কাৰ্বন ডেটিং পৰীক্ষাৰ বাবে হিন্দু পক্ষই আবেদন কৰিছিল।

আদালতে বৰ্তমান এই বিতৰ্কিত বিষয়টোত দাখিল কৰা তিনিখন আবেদনৰ শুনানি গ্ৰহণ কৰি আছে। এই তিনিখন আৱেদনৰ ভিতৰত দুখন হিন্দু পক্ষই দাখিল কৰাৰ বিপৰীতে এখন আবেদন মছজিদ সমিতিয়ে দাখিল কৰিছিল।

আবেদন দাখিল কৰা মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এই আবেদন প্ৰথমে গ্ৰহণ কৰা উচিত বুলি আদালতত আৰ্জি জনাইছিল।

আনহাতে, হিন্দু পক্ষই জৰীপ আয়োগে দাখিল কৰা প্ৰতিবেদনক অগ্ৰাধিকাৰ দি বিবেচনাৰ বাবে গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।

উল্লেখ্য যে হিন্দু পক্ষই আবেদনৰ জৰিয়তে জ্ঞানৱাপী চৌহদত শ্ৰীঙ্গাৰ গৌৰীৰ দৈনিক উপাসনাৰ অনুমতি দিবলৈ আহ্বান জনাইছিল।

লগতে মছজিদৰ ৱাজুখানাত উদ্ধাৰ কৰা বুলি দাবী কৰা ‘শিৱলিংগ’ত উপাসনাৰ অনুমতি বিচাৰি বিকল্প ৱাজুখানাৰ ব্যৱস্থা কৰিবলৈও আবেদন যোগে আহ্বান জনাইছিল।

বাৰানসীৰ জ্ঞানৱাপী মছজিদৰ শিৱলিংগৰ প্ৰসংগত কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। স্পৰ্শকাতৰ বিষয়টো সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছিল।

সেইমৰ্মে যি ঠাইত শিৱলিং পোৱা বুলি দাবী কৰা হৈছে সেই অঞ্চলটো সংৰক্ষিত কৰাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে । উচ্চতম ন্যায়ালয়ে লগতে নিৰ্দেশ দিছিল যে শিৱলিংগ পোৱা অঞ্চলটো সুৰক্ষিত কৰাৰ লগতে মুছলমানসকলক মছজিদত প্ৰৱেশ কৰাত কোনো ধৰণে বাধা দিব অথবা নামাজ পঢ়া বন্ধ কৰিব নোৱাৰিব।

ইয়াৰ পূৰ্বে গোচৰটোৰ সম্পৰ্কত এলাহাবাদ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল যে তেওঁলোকে মছজিদত জৰীপ বন্ধ কৰিবলৈ বা বিষয়টোত হস্তক্ষেপ নকৰে।

এই ৰায়ক প্ৰত্যাহ্বান জনাই অঞ্জুমানে ইন্তেজামিয়া মছজিদ সমিতিয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। কাশীৰ জ্ঞানৱাপী মছজিদ পৰিচালনাৰ দায়িত্ব এই সমিতিৰ হাততে আছে।

ইপিনে বাৰাণসী আদালতৰ নিৰ্দেশত জ্ঞানৱাপী মছজিদৰ ওজুখানা বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য যে ৰীপৰ সময়ত মছজিদৰ ওজুখানাত এটা শিল পোৱা গৈছিল। এই পৰিস্থিতিত, এগৰাকী অধিবক্তাই শিলটো শিৱলিঙ্গ বুলি দাবী কৰি আদালতৰ কাষ চাপিছিল আৰু সেই স্থান ছীল কৰিবলৈ অনুৰোধ কৰিছিল। এই সন্দৰ্ভত বাৰাণসী আদালতে ওজুখানা ছীল কৰাৰ নিৰ্দেশ দিছিল।

অৱশ্যে, মুছলমান পক্ষই দাবী কৰে যে তাত পোৱা শিলটো শিৱলিঙ্গ নহয়, এটা ঝৰ্ণাহে। এইক্ষেত্ৰত বিভ্ৰান্তি বিয়পোৱা বুলি অভিযোগ কৰা হৈছে।

উল্লেখ্য যে আদালতৰ নিৰ্দেশত ১৪ মে’ত কাশীৰ জ্ঞানৱাপী মছজিদৰ জৰীপৰ কাম পুনৰ এবাৰ আৰম্ভ কৰা হৈছিল। দিল্লীৰ বাসিন্দা ৰাখী সিং, লক্ষ্মী দেৱী, সীতা চাহু আৰু অন্যান্যসকলে দাখিল কৰা আবেদনৰ পিছত বাৰাণসী জিলা আদালতৰ নিৰ্দেশত এই জৰীপটো চলোৱা হৈছিল। অধ্যয়নটোৰ ভিডিঅ’গ্ৰাফাৰে দাবী কৰিছিল যে জৰীপ আৰু ভিডিঅ’গ্ৰাফীৰ সময়ত বাৰাণসীৰ জ্ঞানৱাপী-শৃংগাৰ গৌৰী কমপ্লেক্সৰ খুব ওচৰতে দুটা স্বস্তিকৰ চিহ্ন দেখা গৈছিল। তাৰ পিছতেই উত্তেজনা বিয়পি পৰে। পিছত প্ৰতিবাদৰ সন্মুখীন হৈ জৰীপটো পিছুৱাই দিয়া হয়।

জৰীপৰ সময়ত মছজিদৰ ভিতৰৰ এটা এলেকাত এটা শিৱলিঙ্গ পোৱা বুলি দাবী উঠাৰ পিছতে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সমগ্ৰ বিষয়টো ন্যায়ালয়ৰ মজিয়া পাইছিল।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ চমক! দলীয় শাখাৰ পাছত এইবাৰ ব্যক্তিগত শাখাতো ৰূপ জিনিলে ইলাভেনিলে

September 20, 2026 4:16 pm
ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

ৰাছিয়াত ইউক্ৰেইনৰ বৃহৎ ড্ৰোন আক্ৰমণ: মস্কোৰ তেল শোধনাগাৰত ভয়ংকৰ অগ্নিকাণ্ড, নিহত ৪

September 20, 2026 3:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm
বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

বিদ্যালয় উন্নয়ন নে ৰাজনৈতিক হেঁচা? চিজেপিৰ ‘স্কুল ঠিক কৰো’ অভিযানৰ সন্মুখত নিৰুপায় নেকি ৰাজস্থান চৰকাৰ!

September 20, 2026 5:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd