NORTHEAST NOW (Assamese)

টীয়কৰ শিক্ষয়িত্ৰীৰ পদক্ষেপ, শুভাৰম্ভ কৰিলে অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ

October 20, 2020 8:02 pm · নিৰ্মলেন্দু পাঠক

দেহা থাকিলেহে বেহা,উক্ত কথাষাৰৰ তাৎপৰ্য অনুভৱ কৰি টীয়কৰ এগৰাকী মহিলাই আজিৰ পৰা টীয়ক নগৰৰ মাজমজীয়াত আৰম্ভ কৰিছে টাইগাৰ৩৭ নামেৰে পুৰুষমহিলা উভয়ৰে বাবে এক অত্যাধুনিক সাসুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰ।

মহিলাগৰাকী পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী, নাম জ্যোতি বৰা।

টীয়কৰ জগদুৱাৰৰ এই সংস্কৃতিবান মহিলাগৰাকীয়ে কন কন শিশুসকলক জীৱনৰ আদিপাঠ তথা মূল্যবোধৰ শিক্ষা প্ৰদানৰ সমান্তৰালকৈ উঠি অহা প্ৰজন্মই নিজৰ শৰীৰটো যাতে নিৰোগী কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এটি শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিছে।

এই কেন্দ্ৰত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে আৰু লগতে সংগীত চৰ্চা, যোগাসন আৰু বিশেষকৈ মহিলাসকলৰ বাবে আত্ম প্ৰতিৰক্ষাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে।

যি সময়ত নিজৰ পৰিয়ালৰ লগতে পৰিয়ালৰ অভাৱ অভিযোগ পুৰনতে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰে সমাজৰ অধিকাংশ ব্যক্তিয়ে ব্যস্ত হৈ পৰিছে তেনে সময়তে জ্যোতি বৰাই কেৱল নিজৰ পৰিয়ালৰ কথা নাভাবি  টীয়কৰ দৰে এখন সৰু চহৰত এই সাংস্কৃতিক,যোগ আৰু শৰীৰ চৰ্চা কেন্দ্ৰটিৰ যোগেদি বিশেষকৈ নৱ প্ৰজন্মক মানসিক সাংস্কৃতিক তথা শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ যি চেষ্টা হাতত লৈছে সেয়া এতিয়া সকলোৱে আদৰণি জনাইছে।

উল্লেখযোগ্য যে এই উপলক্ষে কালি সন্ধ্যা আয়োজিত শুভাৰম্ভ অনুষ্ঠানতে জ্যোতি বৰাৰ স্ব ৰচিত স্বপ্ন সেউজ উপত্যকা নামেৰে এখনি গীতৰ সংকলনৰ শুভ উন্মোচন কৰা হয়।

টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানে আত ধৰা উক্ত উদ্বোধনী অনুস্থানত মধ্য যোৰহাট শিক্ষা খণ্ডৰ বিষয়া অৱনী গগৈ ,বিশিষ্ট কবি ৰনজিৎ গগৈ, যোৰহাট বডি বিল্ডিং এচচিয়েছনৰ কেইবাগৰাকীও বিষয়ববীয়া,বিশিষ্ট ব্যৱসায়ী তুলসী হাজৰিকাটীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা,উপদেষ্টা নিৰ্মলেন্দু পাঠক, সমাজকৰ্মী ৰুমী চেতীয়া,তুষাৰ পালকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

Related News