হালেণ্ডৰ আধিপত্য, নেইমাৰৰ স্বপ্নভংগ! বিশ্বকাপৰ পৰা বিদায় ব্ৰাজিলৰ; ইতিহাস ৰচি কোৱাৰ্টাৰ ফাইনেলত নৰৱে
আন্তঃৰাষ্ট্ৰীয় ফুটবলত ব্ৰাজিলে কেতিয়াও নৰৱেক পৰাস্ত কৰিব পৰা নাই। চাৰি বাৰৰ মুখামুখিত অপৰাজিত হৈ আছিল নৰৱে। দেওবাৰে নিশা বিশ্বকাপৰ ৰাউণ্ড অফ-১৬ মেচৰ পূৰ্বে ফুটবল অনুৰাগীৰ মাজত সেই ছবিখন সলনি হ’ব নেকি তাক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। অৱশ্যে ইয়াত বাধা হিচাপে থিয় দিছিল আৰ্লিং হালেণ্ডে। নিউ জাৰ্চিত দুটাকৈ গ’ল দি ব্ৰাজিলৰ সপোন চূৰমাৰ কৰি দিলে। ফিফা বিশ্বকাপ ২০২৬ৰ পৰা নৰৱেৰ হাতত ১-২ গ’লত পৰাস্ত হৈ ব্ৰাজিলে বিদায় ল’লে।
দেশৰ ফুটবল ইতিহাসত প্ৰথমবাৰৰ বাবে বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে নৰৱেই। শেষ বিশ্বকাপত খিতাপ জয় কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল নেইমাৰৰ। পৰিৱৰ্ত হিচাপে নামি গ’ল দিও দলক জিকাব নোৱাৰিলে। ১৯৯০ চনৰ পিছত প্ৰথমবাৰৰ বাবে ব্ৰাজিল শেষৰ আঠত প্ৰৱেশৰ পূৰ্বে বিদায় ল’লে।
খেলখনৰ আৰম্ভণিৰে পৰাই দুয়োটা দলে আক্রমণ কৰে৷ তিনি মিনিটৰ পাছত নৰৱেই গ’ল দিয়ে। কিন্তু পেট্ৰিক বাৰ্গৰ গ’লটো অফছাইডৰ বাবে বাতিল কৰা হয়। ১০ মিনিটৰ পাছত ব্ৰাজিলে এটা সোণালী সুযোগ হেৰুৱালে। নৰৱেৰ ডিফেণ্ডাৰ আজেৰে বক্সত মেথিউছ কুনহাক ফাউল কৰে। প্ৰথমে পেনাল্টি নিদিলে যদিও পিছত ৰেফাৰীয়ে ভিএআৰ পৰীক্ষা কৰি সিদ্ধান্ত সলনি কৰে। কিন্তু নৰৱেৰ গ’লৰক্ষক নাইলেণ্ডে ব্ৰুনো গুইমাৰেছৰ দুৰ্বল শ্বটটো পেনাল্টিৰ পৰা ৰক্ষা কৰে। তাৰ মূল্য ব্ৰাজিলে পিছত দিবলগীয়া হৈছিল।
সেইয়ে আৰম্ভণি। ইয়াৰ পিছত তেওঁ কেইবাটাও নিশ্চিত গ’ল ৰক্ষা কৰি নৰৱেক মেচখনত বৰ্তাই ৰাখিলে। ভিনিচিয়াছ, ৰিয়ান আৰু কুনহাৰ সকলো প্ৰচেষ্টা নাইলেণ্ডে ব্যৰ্থ কৰিছিল। আনহাতে মাৰ্টিন অডেগাৰ্ড আৰু নুছাৰাই ইটোৰ পিছত সিটোকৈ আক্ৰমণ চলাইছিল। প্ৰথমাৰ্ধৰ শেষৰ ঠিক আগতেই এলিছনে অডেগাৰ্ডক নিশ্চিত গ’ল দিয়াৰ পৰা বঞ্চিত কৰে।
গ’লৰ সন্ধানত হাহাকাৰ কৰি ব্ৰাজিলৰ প্ৰশিক্ষক কাৰ্লো এন্সেল’টিয়ে দ্বিতীয়াৰ্ধত এণ্ড্ৰিকক নমাইছিল। ৬৮ মিনিটত খেলপথাৰত প্ৰৱেশ কৰে নেইমাৰে। অৱশ্যে আৰ্লিং হালেণ্ডে সকলোৰে দৃষ্টি কাঢ়ি নিলে। প্ৰথমাৰ্ধত তেওঁ অলপ শান্ত আছিল। কিন্তু দ্বিতীয়াৰ্ধত তেওঁ পুনৰ নিজৰ চিনাকি ছন্দলৈ ঘূৰি আহে।
৭৯ মিনিটত নৰৱেই অগ্ৰগতি লাভ কৰে। বাওঁফালৰ পৰা চেলেকাও বাহিনীৰ বক্সত ক্ৰছ মাৰিলে স্কেলডেৰপে। মাৰ্কাৰ গেব্ৰিয়েলক পৰাস্ত কৰি হালেণ্ডে দ্ৰুত হেডাৰেৰে গ’ল দিয়ে। ক্লাব ফুটবলত মান চিটি বনাম আৰ্চেনালৰ ডুৱেলৰ স্মৃতি ঘূৰাই আনিলে হালেণ্ডে। দেশৰ জাৰ্চিতো গেব্ৰিয়েলক পৰাভূত কৰে চিটিৰ ষ্ট্ৰাইকাৰ হালেণ্ডে।
তেওঁ তাতে থমকি নৰ’ল। ৯০ মিনিটত তেওঁ ব্ৰাজিলৰ পুনৰ প্ৰত্যাৱৰ্তনৰ আশাক পানী কৰি পেলালে। শ্বোল্ডেৰাপৰ পৰা পুনৰ বল লাভ কৰে হালেণ্ডে। তেওঁ বক্সৰ বাহিৰত ঠাণ্ডা মগজুৰে বলটো নিয়ন্ত্ৰণ কৰিছিল। তাৰ পৰা বুলেটৰ দৰে শ্বটত নেটখন কঁপি উঠিল। চেলেকাও বাহিনীৰ গ’লৰক্ষক এলিছনে ডাইভ মাৰিও বলটো চুব পৰা নাছিল। চলিত বিশ্বকাপৰ সপ্তমটো গ’ল দিয়ে হালেণ্ডে।
Erling Haaland’s brace sends Norway to the quarter-finals! 👊#FIFAWorldCup
— FIFA World Cup (@FIFAWorldCup) July 5, 2026
ৰেফাৰীয়ে ১০ মিনিটৰ আঘাতৰ সময় দিছিল। ব্ৰাজিলে সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাইছিল। কিন্তু নৰৱেৰ গ’লৰক্ষক নাইলেণ্ড নেটৰ আগত অভেদ্য আছিল। এটাৰ পিছত এটাকৈ চকু কপালত তুলিব পৰা ছেভ কৰিলে। চূড়ান্ত হুইচেলৰ এমিনিট পূৰ্বে নৰৱেৰ অষ্টিগাৰ্ডে বক্সত ব্ৰাজিলৰ খেলুৱৈক ফাউল কৰে। স্পট কিকৰ পৰা নেইমাৰে এটা সান্ত্বনামূলক গ’ল দিয়ে। তেওঁ ব্ৰাজিলৰ জাৰ্চিত ৮০ সংখ্যক গ’লটো দিয়ে।
অৱশ্যে বহু দেৰি হৈছিল। ৰেফাৰীয়ে চূড়ান্ত হুইচেল বজালে। কাৰ্লো এঞ্চেল’টিৰ ব্ৰাজিল ১-২ গ’লত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ হয়। কান্দোনত ভাগি পৰিল ব্ৰাজিলৰ খেলুৱৈসকল। আনহাতে সমগ্ৰ নৰৱেৰ দল আৰু কোটিং ষ্টাফে ‘ভাইকিং ৰো’ উদযাপনত মাতাল হৈ পৰিল।