Cyber war against India: অজুহাত নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য; ভাৰতৰ বিৰুদ্ধে ইছলামিক দেশৰ হেকাৰৰ চাইবাৰ যুদ্ধ

Cyber war against India হজৰত মহম্মদক লৈ নুপুৰ শৰ্মাই দিয়া বক্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কই বন্ধ হোৱাৰ নাম লোৱা নাই। ভাৰতৰ লগতে বিদেশতো ক্ষোভ অব্যাহত আছে। খবৰ পোৱা গৈছে যে  মহম্মদক লৈ নুপুৰ শৰ্মাই দিয়া বিতৰ্কিত বক্তব্যৰ বাবেই কিছুমান ইছলামিক দেশৰ হেকাৰে ভাৰতৰ বিৰুদ্ধে চাইবাৰ যুদ্ধ আৰম্ভ কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম আজতকৰ প্ৰতিবেদন অনুসৰি, আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, নুপুৰ শৰ্মাৰ গোচৰৰ পিছতে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ হেকাৰে ভাৰতৰ বিৰুদ্ধে চাইবাৰ যুদ্ধ আৰম্ভ কৰিছে।

লগতে পঢ়ক: কোৰবানী সন্দৰ্ভত অসমৰ ইছলাম ৰাইজলৈ কি পৰামৰ্শ মুখ্যমন্ত্ৰীৰ?

প্ৰতিবেদন অনুসৰি, দুটা হেকাৰ গ্ৰুপে ভাৰতৰ বিৰুদ্ধে চাইবাৰ যুদ্ধ আৰম্ভ কৰিছে। গ্ৰুপ দুটাৰ নাম ‘ড্ৰেগন ফৰ্চ মালয়েছিয়া’ আৰু ‘হেকটিভিষ্ট ইণ্ডোনেছিয়া’ বুলি কোৱা হৈছে। খবৰ পোৱা গৈছে যে এই দুয়োটা গ্ৰুপে সমগ্ৰ বিশ্বৰ মুছলমান হেকাৰসকলকো আবেদন জনাইছে আৰু ভাৰতত চাইবাৰ আক্ৰমণৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

আহমেদাবাদ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে জনোৱা মতে, এতিয়ালৈকে হেকাৰ গ্ৰুপে ভাৰতৰ ২ হাজাৰতকৈ অধিক ৱেবছাইট হেক কৰিছে। ইয়াৰ ভিতৰত আছে থানে আৰক্ষীৰ ৱেবছাইট, অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ ৱেবচাইট আৰু অসমৰ সংবাদ সংস্থা এটাৰ ৱেবচাইট। 

লগতে পঢ়ক: Misuse of funds: ৰাজ ভঁড়াল উদং! পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি

তথ্য অনুসৰি চাইবাৰ অপৰাধীয়ে নুপুৰ শৰ্মাৰ ঠিকনাসহ ব্যক্তিগত তথ্য অনলাইনত ফাদিল কৰি দিছে। বহু লোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডৰ সবিশেষো অনলাইনযোগে ফাদিল হৈছে।

অসমৰ সংবাদ সংস্থাটোৰ লাইভ টেলিকাষ্টৰ মাজতে হেক কৰি পাকিস্তানৰ পতাকা দেখুওৱা হৈছিল আৰু লিখা আছিল – পবিত্ৰ পেগম্বৰ হজৰত মহম্মদ S.A.W.W ৰ সন্মান কৰক… Hacked by Team Revolution PK. থানে আৰক্ষীৰ ৱেবছাইট হেক কৰাৰ উপৰিও অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ ব্যক্তিগত তথ্যও হেকাৰ গ্ৰুপে অনলাইন ফাদিল কৰি দিছে।