• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Misuse of funds: ৰাজ ভঁড়াল উদং! পোহৰলৈ আহিছে মুখ্যমন্ত্ৰী-মন্ত্ৰীৰ এবছৰীয়া হেলিকপ্তাৰ বিলাসিতাৰ ছবি

কল্পজোতি শইকীয়া, গুৱাহাটী by কল্পজোতি শইকীয়া, গুৱাহাটী
July 9, 2022 4:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Misuse of funds এফালে ৰাজকোষ উদং, আনফালে মুখ্যমন্ত্ৰী-মন্ত্ৰী-নেতাৰ হেলিকপ্তাৰত ভ্ৰমণৰ নামত বিলাসিতা। ফাদিল হৈছে ২০২১-২২ বৰ্ষত মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে হেলিকপ্তাৰত ভ্ৰমণ কৰা ব্যয়ৰ পৰিমাণ।

আৰ্থিকভাৱে অসমৰ অৱস্থা জুৰুলা হ’লেও বিজেপিৰ নেতা-মন্ত্ৰীয়ে এৰা নাই বিলাসিতা। হেলিকপ্তাৰ আৰু চাৰ্টাৰ্ড বিমানৰ বাবদ এটা বছৰত বিজেপি চৰকাৰে ব্যয় কৰিলে প্ৰায় ২০ কোটি টকা।

মৰিগাঁওৰ সহায় অসম নামৰ বেচৰকাৰী সংস্থাৰ জগদীশ মহন্ত নামৰ ব্যক্তিজনে তথ্য জনাৰ অধিকাৰ আইন ২০০৫ ৰ অধীনত চৰকাৰৰ পৰাই লাভ কৰিছে এই তথ্য। ২০২১-২২ বৰ্ষত মুঠ ১৯,৭১,৪২,৬০১ টকা হেলিকপ্তাৰ আৰু চাৰ্টাৰ্ড বিমান উৰুওৱাৰ নামত ব্যয় কৰিছে।

Apply Now

লগতে পঢ়ক: ‘শালক হাঁহে শিঙিয়ে’: কংগ্ৰেছৰ পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ সমালোচনা কৰা বিজেপি কিমান মুক্ত বংশগত ৰাজনীতিৰ পৰা?

যি সময়ত বানত ৰাজ্যবাসীয়ে ককবকাই আছে, আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি ৰাখিছে, নিবনুৱা সমস্যাই যুৱ প্ৰজন্মক হতাশাত ভুগাইছে তেনে সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা মন্ত্ৰীৰ ভ্ৰমণ বিলাসিতা দেখিবলৈ পোৱা গৈছে।

ৰাইজৰ ধন শৰাধ কৰিছে হেলিকপ্তাৰ চাৰ্টাৰ্ড বিমানত ঘূৰা-ফুৰা কৰাৰ নামত। কোভিডে অৰ্থনৈতিক অৱস্থা থান-বান কৰি গ’ল, হাজাৰ হাজাৰ সমস্যাত ভাৰাক্ৰান্ত ৰাইজ, সেই সময়তে অযথা ৰাজ বিলাসৰ নামত প্ৰায় ২০ কোটি টকা শৰাধ কৰা প্ৰসংগ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ হৈ পৰিছে।

অৱশ্যে, সময়মতে সমস্যাৰে ভাৰাক্ৰান্ত অসমৰ সমস্যাবোৰ ৰজাঘৰীয়াই সমাধান কৰাহেঁতেন ৰাজ্যবাসীৰ বান গৰাখহনীয়াত ককবকাবলগীয়া নহ’লহেঁতেন।

লগতে পঢ়ক: অমৰনাথ ডাৱৰ বিস্ফোৰণ: নিহতৰ সংখ্যা ১৬ জনলৈ বৃদ্ধি, উদ্ধাৰ প্ৰায় ১৫,০০০ ব্যক্তিক

ভ্ৰমণ বিলাসৰ নামত এটা বৰ্ষত প্ৰায় ২০ কোটি টকাৰ শৰাধ কৰাৰ প্ৰসংগই চৰ্চা লাভ কৰোতেই ঋণগ্ৰস্ত চৰকাৰে পুনৰ ১০০০ কোটি টকা ধাৰ ল’বলগীয়া হৈছে।

ইপিনে, এই তথ্য প্ৰকাশ পোৱাৰ পাছতে ইয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

তেওঁ কয়, “মাৰ্চ মাহৰ ভিতৰত ১ লাখ চাকৰি দিম বুলি কোৱা মুখ্যমন্ত্ৰীয়ে বৰঞ্চ আবেদনকাৰীৰ পৰা ৫০০ টকাকৈ লৈছে। কিন্তু সেই একেজন মুখ্যমন্ত্ৰীয়ে হেলিকপ্তাৰৰ নামত ২০ কোটি টকা খৰচ কৰিছে। যদি চৰকাৰে ২০ কোটি টকা চাৰ্টাৰ্ড বিমান আৰু হেলিকপ্তাৰৰ নামত খৰচ কৰিব পাৰে তেন্তে নিবনুৱাৰ পৰা কিয় ধন লয়?”

যদি চৰকাৰৰ ধন আছে তেন্তে নিবনুৱাসকলৰ পৰা লোৱা ধনখিনি উভটাই দিবলৈ ভূপেন বৰাই মুখ্যমন্ত্ৰীক আহ্বান জনায়।

লগতে পঢ়ক: Sri Lanka President flees: ৰাষ্ট্ৰপতি ভৱনত বিক্ষুব্ধ জনতাৰ আক্ৰমণ; ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেৰ পলায়ন

আনহাতে, এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছে।

তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ শৰ্মাই আমাৰ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “যিখন ৰাজ্য ১ লাখ ১০ হাজাৰ কোটি টকা ধাৰত পোত গৈ আছে, হিতাধিকাৰী সৃষ্টিৰ নামত বা অন্য ক্ষেত্ৰত বাৰেপতি ঋণ ল’বলগীয়া হৈছে সেই ৰাজ্যখনৰ ৰাজকোষৰ ধন অন্ততঃ অপ্ৰয়োজনীয়ভাৱে খৰচ কৰিব নালাগে।“

“হেলিকপ্তাৰৰ নামত ইমান কোটি টকা খৰচ কৰাটো অতিকৈ অপ্ৰয়োজনীয়। হেলিকপ্তাৰ ব্যৱহাৰ নকৰাকৈও মন্ত্ৰীসকল ঘূৰিব পাৰে কিছু কিছু ক্ষেত্ৰত। ৰাজ্যৰ  অৰ্থনৈতিক তথা বিত্তীয় অৱস্থা যদি ভাল হয়, তেতিয়া এনেধৰণৰ ধন শৰাধ কৰাত আপত্তি নাছিল। চৰকাৰে চৰকাৰী ব্যয় কৰাৰ ক্ষেত্ৰত কঠোৰ অনুশাসনমূলক ব্যৱস্থাটো নিজে গ্ৰহণ কৰা উচিত।“ শৰ্মাই এইদৰে কয়।

ইপিনে, ইয়াকলৈ নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আপ অসম, যুৱ শক্তিৰ ৰাজ্যিক প্ৰভাৰী তথা আপ অসমৰ মুখপাত্ৰ ৰূদ্ৰাংকুৰ হাজৰিকাই।

সৌজন্য: ট্ৰুথ

হাজৰিকাই কয় “চৰকাৰে ইমান টকা শৰাধ কৰি যদি হেলিকপ্তাৰ উৰুৱাব পাৰে তেন্তে ৰাজ্যৰ অন্যান্য সমস্যাসমূহ সমাধানত কিয় গুৰুত্ব আৰোপ নকৰে? টোলগেটৰ পৰা অত্যাধিক পৰিমাণে জনতাৰ পৰা কৰ লৈ সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা হৈছে কিয়?”

 

তেওঁ লগতে কয়, “এই চৰকাৰখনে পুঁজিপতিৰ হৈ কাম কৰি আহিছে। হেলিকপ্তাৰৰ ইন্ধন কিনি চৰকাৰী ৰাজকোষ উদং কৰি নিয়াৰ সমান্তৰালকৈ পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰাৰ লগতে মাটি লিজত দিয়া ধৰণৰ কাম কৰিছে।“

এনেদৰে এতিয়া আৰ.টি.আই আবেদনৰ তথ্য পোহৰলৈ অহাৰ পাছতে বিৰোধীৰ লগতে সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

কল্পজোতি শইকীয়া, গুৱাহাটী

কল্পজোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd