DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, March 21, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাগ্যও নাই, যোগ্যতাও নাই; হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে: হাগ্ৰামা মহিলাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 22, 2021 1:25 pm
Hagrama-Himanta
356
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী প্ৰচাৰো তীব্ৰতৰ হৈ পৰিছে।

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৱতীৰ্ণ হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলক কটাক্ষ কৰি তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে।

ক্ষমতাত থকা চৰকাৰী যন্ত্ৰৰ সুযোগ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিশাল জনসভাত চৰকাৰী কামকাজৰ তথ্যসমূহক ব্যৱহাৰ কৰি ব্যাপক প্ৰচাৰ চলাইছে।

আনহাতে, বিৰোধী নেতাসকলে মন্ত্ৰীগৰাকীৰ বিভিন্ন কটাক্ষৰ প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিছে যদিও সেয়া যেন পৰ্যাপ্ত নহয়।

পিচে, শেহতীয়াকৈ বিৰোধী মহাজোঁটৰ প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

দেওবাৰে গহপুৰত ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই।

সেয়াই নহয়, নিজকে হিমন্তৰ গুৰু বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে,”ময়েই মুখ্যমন্ত্ৰী হোৱা নাই। হিমন্ত বিশ্ব ক’ত মুখ্যমন্ত্ৰী হ’ব পাৰিব। হিমন্ত বিশ্বৰ দাদাগিৰিত ভয় খোৱা মানুহ মই নহয়।‘’

‘’হিমন্ত বিশ্ব শৰ্মা ৰুগীয়া, সেইবাবে এনেবোৰ নৃত্য কৰি থাকে। যেনেকৈ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন কৰে,”-হাগ্ৰামাই লগতে কয়।

আন এক প্ৰসংগত হাগ্ৰামাই কয় যে কংগ্ৰেছত মন্ত্ৰী হ’বলৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁকহে বায়’ডাটা দিছিল।

বিপিএফৰ মুৰব্বী গৰাকীয়ে এতিয়া বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ নিদ্ৰা হৰণ কৰাৰ বাবে যেন তৎপৰ হৈ পৰিছে। এক কথাত বহুবল্কী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া ‘জোকৰ মুখত চূণ’ দিবলৈ আগবাঢ়ি আহিছে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।

Recent News

Woman suicide over dowry demand

যৌতুকৰ দাবীৰে স্বামীগৃহত নিৰ্যাতন: গৰৈমাৰীত আত্মহত্যা দুই সন্তানৰ মাতৃৰ

Kejriwal

তৃতীয় মৰ্চাৰ কুচকাৱাজ! পত্ৰ যোগে সাত ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিল্লীলৈ নিমন্ত্ৰণ কেজৰিৱালৰ

Man Kills Live-In Partner

বৰ্বৰ! মহাৰাষ্ট্ৰত মহিলাক কাঁচিৰে ৰেপি হত্যা লিভ ইন পাৰ্টনাৰৰ

BSF woman jawan commits suicide

কোচবিহাৰত নিজ কোৱাৰ্টাৰত আত্মহত্যা বি এছ এফ-ত কৰ্মৰত অসমৰ মহিলা জোৱানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd