NORTHEAST NOW (Assamese)

ভাগ্যও নাই, যোগ্যতাও নাই; হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে: হাগ্ৰামা মহিলাৰী

March 22, 2021 1:25 pm · এন ই নাও নিউজ

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী প্ৰচাৰো তীব্ৰতৰ হৈ পৰিছে।

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৱতীৰ্ণ হোৱা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী ৰাজনৈতিক দলক কটাক্ষ কৰি তেওঁৰ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে।

ক্ষমতাত থকা চৰকাৰী যন্ত্ৰৰ সুযোগ গ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে বিশাল জনসভাত চৰকাৰী কামকাজৰ তথ্যসমূহক ব্যৱহাৰ কৰি ব্যাপক প্ৰচাৰ চলাইছে।

আনহাতে, বিৰোধী নেতাসকলে মন্ত্ৰীগৰাকীৰ বিভিন্ন কটাক্ষৰ প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিছে যদিও সেয়া যেন পৰ্যাপ্ত নহয়।

পিচে, শেহতীয়াকৈ বিৰোধী মহাজোঁটৰ প্ৰচাৰৰ দায়িত্ব গ্ৰহণ কৰি বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে।

দেওবাৰে গহপুৰত ড০ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰি হাগ্ৰামা মহিলাৰীয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা জীৱনত মুখ্যমন্ত্ৰী হ’ব নোৱাৰে। হিমন্তৰ মুখ্যমন্ত্ৰী হোৱাৰ ভাগ্যও নাই, যোগ্যতাও নাই।

সেয়াই নহয়, নিজকে হিমন্তৰ গুৰু বুলি উল্লেখ কৰি হাগ্ৰামাই কয় যে,”ময়েই মুখ্যমন্ত্ৰী হোৱা নাই। হিমন্ত বিশ্ব ক’ত মুখ্যমন্ত্ৰী হ’ব পাৰিব। হিমন্ত বিশ্বৰ দাদাগিৰিত ভয় খোৱা মানুহ মই নহয়।‘’

‘’হিমন্ত বিশ্ব শৰ্মা ৰুগীয়া, সেইবাবে এনেবোৰ নৃত্য কৰি থাকে। যেনেকৈ বেমাৰৰ পৰা পৰিত্ৰাণ পাবলৈ যোগাসন কৰে,”-হাগ্ৰামাই লগতে কয়।

আন এক প্ৰসংগত হাগ্ৰামাই কয় যে কংগ্ৰেছত মন্ত্ৰী হ’বলৈ হিমন্ত বিশ্ব শৰ্মাই তেওঁকহে বায়’ডাটা দিছিল।

বিপিএফৰ মুৰব্বী গৰাকীয়ে এতিয়া বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ নিদ্ৰা হৰণ কৰাৰ বাবে যেন তৎপৰ হৈ পৰিছে। এক কথাত বহুবল্কী মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এতিয়া ‘জোকৰ মুখত চূণ’ দিবলৈ আগবাঢ়ি আহিছে প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী।

Related News