বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে শনিবাৰে (১৭ জানুৱাৰী) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০০৩ চনৰ বড়ো চুক্তি আৰু ২০২০ চনৰ বড়ো শান্তি চুক্তিৰ অধীনত বাকী থকা প্ৰতিশ্ৰুতিসমূহ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। হাগ্ৰামাই কয় যে বড়োলেণ্ডত স্থায়ী শান্তি আৰু উন্নয়নৰ বাবে সম্পূৰ্ণ ৰূপায়ন অতি প্ৰয়োজনীয়।
“বাগৰুম্বা দহৌ ২০২৬” সাংস্কৃতিক কাৰ্যসূচীৰ সময়ত সৰুসজাই ক্ৰীড়া চৌহদত এক বৃহৎ জনসভাত ভাষণ দি মহিলাৰীয়ে প্ৰধানমন্ত্ৰী মোডী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰীয় মঞ্চত বড়ো সংস্কৃতিক উজ্জ্বল কৰি তোলা আৰু প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
মহিলাৰীয়ে কয়, ‘প্ৰিয় প্ৰধানমন্ত্ৰী মহাশয়, বড়ো শান্তি চুক্তিৰ বাকী থকা দফাসমূহ অনুগ্ৰহ কৰি কাৰ্যকৰী কৰক। বড়োলেণ্ডত থকা বড়ো জনগোষ্ঠীৰ স্থায়ী শান্তি, উন্নয়ন আৰু সবলীকৰণৰ বাবে চুক্তিৰ প্ৰতিশ্ৰুতিসমূহৰ সম্পূৰ্ণ ৰূপায়ন গুৰুত্বপূৰ্ণ।
এই অনুষ্ঠানৰ তাৎপৰ্য সোঁৱৰাই বিপিএফৰ মুৰব্বীগৰাকীয়ে কয় যে ঐতিহাসিক স্থানত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক সম্বোধন কৰাটো এক গৌৰৱৰ কথা। ইয়াৰ উপৰিও তেওঁ বিশাল বাগৰুম্বা নৃত্য উপস্থাপনত অংশগ্ৰহণ কৰা ১০ হাজাৰৰো অধিক দহৌ কলা-কুশলীক প্ৰশংসা কৰে।
‘ইয়াত সৰুসজাই ষ্টেডিয়ামত আমাৰ প্ৰতিভাৱান দহৌ কলা-কুশলীৰ কাষত থিয় হৈ মই গভীৰভাৱে আপ্লুত হৈছো। তেওঁলোকৰ ছন্দময় নৃত্যই বড়ো ঐতিহ্য, সংস্কৃতি, আৰু সহনশীলতাৰ সাৰমৰ্মক সুন্দৰকৈ প্ৰতিফলিত কৰিছে। তেওঁলোকৰ শক্তিয়ে আমাৰ চহকী সাংস্কৃতিক শিপা আৰু সামূহিক শক্তিৰ কথা মনত পেলাই দিয়ে।’
মহিলাৰীয়ে লগতে কয় যে ২০০৩ চনৰ চুক্তি আৰু ২০২০ চনৰ শান্তি চুক্তিৰ বাকী থকা দফাসমূহ কেৱল শান্তিৰ বাবেই নহয়, বড়োলেণ্ড অঞ্চলৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি উন্নয়ন আৰু সামাজিক সবলীকৰণৰ বাবেও গুৰুত্বপূৰ্ণ।
সাম্প্ৰতিক সময়ত বড়ো জনগোষ্ঠীৰ অদ্বিতীয় নেতা হিচাপে উত্থান ঘটা হাগ্ৰামা মহিলাৰীয়ে এনে এক বিশাল অনুষ্ঠানৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ সন্মুখতে ৰাজহুৱাভাৱে নিজৰ জনগোষ্ঠীৰ নায্য দাবী অকপটে তুলি ধৰাৰ ঘটনাই সকলোকে আলোড়িত কৰি তুলিছে।





