• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাইলাকান্দিত সান্ধ্য আইন শিথিল; ইণ্টাৰনেট সেৱা পুনৰ মুকলি; নজৰ থাকিব ছ’চিয়েল মিডিয়াৰ ওপৰত

ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিক, দল-সংগঠনৰ সৈতে আলোচনা উপায়ুক্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 9:26 pm
Hailakandi

সংঘৰ্ষৰ পিছত ১৩ মে'ত হাইলাকান্দিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সতৰ্ক দৃষ্টি। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামাজৰ সময়ত সৃষ্টি হোৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত যোৱা ১০ মে’ৰ পৰা বলৱৎ হৈ থকা সান্ধ্য আইন হাইলাকান্দিত কিছু শিথিল কৰা হৈছে। ১৪ মে’ৰ পৰা কেৱল নিশাহে সান্ধ্য আইন বলৱৎ থাকিব। আজিও তিনি বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে।

আনহাতে একে সময়ৰ পৰা বন্ধ হৈ থকা ইণ্টাৰনেট সেৱাও ১৪ মে’ৰ পৰা সম্পূৰ্ণ খোলা দিয়া হ’ব। জিলাখনৰ উপায়ুক্ত কীৰ্থী জল্লীয়ে আজি সংবাদ মাধ্যম সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

Apply Now

আজি বৰাক উপত্যকাৰ চহৰখনত উপায়ুক্তগৰাকীয়ে স্থানীয় জ্যেষ্ঠ লোক, ৰাজনৈতিক নেতা আৰু দল-সংগঠনৰ সৈতে এখন আলোচনাসভা অনুষ্ঠিত কৰে। সভাখন সম্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয়, “কিছুমান অপশক্তিয়ে সমাজত শান্তি বিঘ্নিত কৰিবলৈ আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ অপচেষ্টা কৰি আছে।”

তেওঁ শান্তি বৰ্তাই ৰখাৰ বাবে জ্যেষ্ঠ নাগৰিক, দল-সংগঠন আৰু সকলো স্তৰৰ নাগৰিকৰ সহযোগিতা আৰু সমৰ্থন বিচাৰে। সভাত জিলাখনৰ আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰও উপস্থিত থাকে।

সান্ধ্য আইন শিথিল কৰা হৈছে যদিও সম্পূৰ্ণ উঠাই লোৱা হোৱা নাই। পৰৱৰ্তী ১০ দিনৰ বাবে নিশাৰ ভাগত নিয়ম বাহাল থাকিব বুলি জনালে উপায়ুক্তগৰাকীয়ে।

উল্লেখযোগ্য যে যোৱা ১০ মে’ত নামাজৰ সময়ত কিছু সংখ্যক দুৰ্বৃত্তই উদ্ভণ্ডালি কৰি নামাজৰ সময়ত ৰখাই থোৱা বহুকেইখন মটৰ চাইকেলৰ ছীট কাটি থৈ যোৱাৰ পিছতে দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। ই ক্ৰমে ভয়ংকৰ ৰূপ লৈ মাৰপিট, শিল দলিওৱাত পৰিণত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰাৰ ফলত জমিৰ উদ্দিন তপদাৰ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।

ইয়াৰ পিছতে অধিক হিংসা নিবিয়পিবলৈ চৰকাৰ তথা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।

যোৱা দুদিনত পৰিস্থিতি ক্ৰমে স্বাভাৱিক হোৱা বাবে প্ৰশাসনে স্বাভাৱিক জনজীৱনৰ স্বাৰ্থত এই নিৰ্দেশত শিথিলতা আনিবলৈ সিদ্ধান্ত লয়।

আনহাতে উপায়ুক্তগৰাকীয়ে জনোৱা মতে, চৰকাৰে এতিয়াও কাকো আটক বা গ্ৰেপ্তাৰ কৰা নাই যদিও কেইবাটাও গোচৰ ৰুজু কৰা হৈছে আৰু পৰ্য্যায়ক্ৰমে সেইবোৰৰ তদন্ত চলাই নিয়া হ’ব।

ছ’চিয়েল মিডিয়াৰ পোষ্টৰ ওপৰতো প্ৰশাসনে চোকা নজৰ দিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd