DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইলাকান্দিত সান্ধ্য আইন শিথিল; ইণ্টাৰনেট সেৱা পুনৰ মুকলি; নজৰ থাকিব ছ’চিয়েল মিডিয়াৰ ওপৰত

ৰাজনৈতিক নেতা, জ্যেষ্ঠ নাগৰিক, দল-সংগঠনৰ সৈতে আলোচনা উপায়ুক্তৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 13, 2019 9:26 pm
Hailakandi

সংঘৰ্ষৰ পিছত ১৩ মে'ত হাইলাকান্দিত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ সতৰ্ক দৃষ্টি। ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

নামাজৰ সময়ত সৃষ্টি হোৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত যোৱা ১০ মে’ৰ পৰা বলৱৎ হৈ থকা সান্ধ্য আইন হাইলাকান্দিত কিছু শিথিল কৰা হৈছে। ১৪ মে’ৰ পৰা কেৱল নিশাহে সান্ধ্য আইন বলৱৎ থাকিব। আজিও তিনি বজালৈ সান্ধ্য আইন শিথিল কৰা হৈছে।

আনহাতে একে সময়ৰ পৰা বন্ধ হৈ থকা ইণ্টাৰনেট সেৱাও ১৪ মে’ৰ পৰা সম্পূৰ্ণ খোলা দিয়া হ’ব। জিলাখনৰ উপায়ুক্ত কীৰ্থী জল্লীয়ে আজি সংবাদ মাধ্যম সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে।

আজি বৰাক উপত্যকাৰ চহৰখনত উপায়ুক্তগৰাকীয়ে স্থানীয় জ্যেষ্ঠ লোক, ৰাজনৈতিক নেতা আৰু দল-সংগঠনৰ সৈতে এখন আলোচনাসভা অনুষ্ঠিত কৰে। সভাখন সম্বোধন কৰি উপায়ুক্তগৰাকীয়ে কয়, “কিছুমান অপশক্তিয়ে সমাজত শান্তি বিঘ্নিত কৰিবলৈ আৰু সম্প্ৰীতি বিনষ্ট কৰিবলৈ অপচেষ্টা কৰি আছে।”

তেওঁ শান্তি বৰ্তাই ৰখাৰ বাবে জ্যেষ্ঠ নাগৰিক, দল-সংগঠন আৰু সকলো স্তৰৰ নাগৰিকৰ সহযোগিতা আৰু সমৰ্থন বিচাৰে। সভাত জিলাখনৰ আৰক্ষী অধীক্ষক মহনীশ মিশ্ৰও উপস্থিত থাকে।

সান্ধ্য আইন শিথিল কৰা হৈছে যদিও সম্পূৰ্ণ উঠাই লোৱা হোৱা নাই। পৰৱৰ্তী ১০ দিনৰ বাবে নিশাৰ ভাগত নিয়ম বাহাল থাকিব বুলি জনালে উপায়ুক্তগৰাকীয়ে।

উল্লেখযোগ্য যে যোৱা ১০ মে’ত নামাজৰ সময়ত কিছু সংখ্যক দুৰ্বৃত্তই উদ্ভণ্ডালি কৰি নামাজৰ সময়ত ৰখাই থোৱা বহুকেইখন মটৰ চাইকেলৰ ছীট কাটি থৈ যোৱাৰ পিছতে দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। ই ক্ৰমে ভয়ংকৰ ৰূপ লৈ মাৰপিট, শিল দলিওৱাত পৰিণত হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰাৰ ফলত জমিৰ উদ্দিন তপদাৰ নামৰ এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হৈছিল।

ইয়াৰ পিছতে অধিক হিংসা নিবিয়পিবলৈ চৰকাৰ তথা প্ৰশাসনে সান্ধ্য আইন জাৰি কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিছিল।

যোৱা দুদিনত পৰিস্থিতি ক্ৰমে স্বাভাৱিক হোৱা বাবে প্ৰশাসনে স্বাভাৱিক জনজীৱনৰ স্বাৰ্থত এই নিৰ্দেশত শিথিলতা আনিবলৈ সিদ্ধান্ত লয়।

আনহাতে উপায়ুক্তগৰাকীয়ে জনোৱা মতে, চৰকাৰে এতিয়াও কাকো আটক বা গ্ৰেপ্তাৰ কৰা নাই যদিও কেইবাটাও গোচৰ ৰুজু কৰা হৈছে আৰু পৰ্য্যায়ক্ৰমে সেইবোৰৰ তদন্ত চলাই নিয়া হ’ব।

ছ’চিয়েল মিডিয়াৰ পোষ্টৰ ওপৰতো প্ৰশাসনে চোকা নজৰ দিব বুলি জানিব পৰা গৈছে।

Recent News

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

যোৰাবাট আৰক্ষীৰ জালত ৫ জনীয়া ডকাইতৰ দল, চোকা অস্ত্ৰ জব্দ

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

হাজোত ৮ লাখ টকাৰ বাৰ্মিজ চুপাৰী চুৰিত ব্যৱহৃত বলেৰ’ পিকআপ ভান জব্দ, দুজনক আটক

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd