• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে প্ৰাক্তন অস্ত্ৰধাৰীক, কংগ্ৰেছে সংসদত শুই কটোৱা লোকক প্ৰাৰ্থিত্ব দিছে : হলিৰাম তেৰাং

“বড়োক কাৰ্বি আংলঙত পাৰ্বত্য জনজাতি দিলে অন্যান্য জনজাতিবোৰেও একেই দাবী কৰিব”

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 22, 2019 9:37 pm
Haliram Terang

হলিৰাম তেৰাং।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বায়ত্তশাসিত জিলা সমষ্টিত অট’ন’মাছ ষ্টেইট ডিমাণ্ড কমিটীৰ হৈ প্ৰাৰ্থিত্ব আগ বঢ়োৱা হলিৰাম তেৰাঙে আজি তেওঁৰ প্ৰতিদ্বন্দ্বী বিজেপি আৰু কংগ্ৰেছৰ প্ৰাৰ্থী দুজনক লৈ সৰৱ হৈ উঠে। কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰে গঠিত সমষ্টিটোৰ ভোটাৰে দুয়োটা দলৰ প্ৰাৰ্থীকেইজনক কিয় নাকচ কৰিব তাৰ ব্যাখ্যা দাঙি ধৰে নৰ্থ-ইষ্ট নাওৰ আগত।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত আঞ্চলিক গণতান্ত্ৰিক মৰ্চা (আৰ ডি এ)ৰ এখন সংবাদমেলৰ সময়ত পাহাৰৰ শক্তিশালী নেতাজনে সমষ্টিটোত নিজৰ জয়ৰ সম্ভাৱনা নৰ্থ-ইষ্ট নাওৰ আগত আত্মবিশ্বাসেৰে দাঙি ধৰে।

Apply Now

বিজেপিয়ে সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে পূৰ্বতে অস্ত্ৰধাৰী হৰেন সিং বে’ক। তেওঁ ১৯৯৯ চনত গঠন হোৱা United People’s Democratic Solidarity চমুকৈ য়ু পিডি এছ নামৰ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ইপিনে কংগ্ৰেছে সমষ্টিটোত নৱমবাৰলৈ সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বিচৰা বীৰেনচিং ইংতিক টিকট দিছে। কংগ্ৰেছৰ প্ৰাৰ্থীজনে সংসদত ৩০ বছৰ শুই-বহিয়ে কটোৱাৰ অভিযোগ দীৰ্ঘদিনীয়া।

এইবোৰ কাৰণতে সমষ্টিটোত ৰাইজে এতিয়া কংগ্ৰেছ আৰু বিজেপিৰ বিকল্প হিচাপে অন্য এটা দলক বিচাৰিছে বুলি আজি নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মন্তব্য কৰে উক্ত সমষ্টিৰ পৰা অট’ন’মাছ ষ্টেইট ডিমাণ্ড কমিটীৰ হৈ প্ৰাৰ্থিত্ব আগ বঢ়োৱা হলিৰাম তেৰাঙে।

“কংগ্ৰেছৰ প্ৰাৰ্থীজন অতি পুৰণি আৰু বয়সিয়াল প্ৰাৰ্থী। যোৱা ৩০ বছৰে তেওঁ সংসদত শুয়ে কটালে। বিজেপিৰ প্ৰাৰ্থী হৰেনচিং বে’ য়ু পি ডি এছৰ প্ৰাক্তন নেতা তথা তেওঁ অস্ত্ৰধাৰী আছিল। তেওঁৰ যিখিনি চলন-ফুৰণ বা সংস্কৃতি সেয়া কংগ্ৰেছীৰ সৈতে অমিল নাই। মাজতে আমাৰ দলটো দুৰ্বল হৈ পৰিছিল যদিও এতিয়া দলটো সবল হৈ উঠিছে আৰু বিগত দুবছৰত সমষ্টিৰ বহু সংখ্যক লোক আগ্ৰহী হৈছে। সেয়েহে এ এছ ডি চিক জনসাধাৰণে সমৰ্থন জনাব”, নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে তেৰাঙে।

ইপিনে, সন্ত্ৰাসবাদী সংগঠনত থকাৰ সময়ত হৰেনচিং বে’ই বহু গোচৰত অভিযুক্ত হোৱাৰ প্ৰসংগ তুলি তেৰাঙে কয়, “চৰকাৰৰ লগত তেওঁলোকে আলাপ-আলোচনা কৰাৰ পাছত যিহেতু মূল সুঁতিলৈ ঘূৰি আহিল গতিকে বহু গোচৰ থকা সত্ত্বেও সেইবোৰ চৰকাৰে চুক্তিৰ যোগে মাফ কৰি দিছে।”

কাৰ্বি আংলঙত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যদা দিয়াৰ ক্ষেত্ৰত তেওঁৰ সমৰ্থন আছেনে বুলি সোধা প্ৰশ্নৰ উত্তৰত এই কথাৰ বিৰোধ কৰে সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীয়ে।

“কাৰ্বি, ডিমাছা, ৰেংমা, তিৱা, মাংতা ইত্যাদি পাৰ্বত্য জনজাতিৰ লোকসকলে বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যদা দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰিছে। তাৰ মূল কাৰণ হৈছে এটা জাতিক দুটা বেলেগ বেলেগ ভাগত বিভক্ত কৰিব নালাগে। বড়োসকল যিহেতু ভৈয়ামৰ গতিকে তেওঁলোক ভৈয়ামৰ জনজাতিয়েই হ’ব লাগে তথা কাৰ্বিসকল যিহেতু পাৰ্বত্য জনজাতি গতিকে তেওঁলোকে সেই মৰ্য্যদাই পাব লাগে”,  তেৰাঙে কয়।

ইয়াৰোপৰি তেওঁ কয় যে বড়োসকল পাৰ্বত্য জনজাতি নোহোৱা বাবে তেওঁলোক সাংসদ নাইবা বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। কিন্তু এই দুটা সুবিধাৰ বাহিৰে কাৰ্বি আংলংত থকা বড়োসকলে কিহত অসুবিধা পাইছে? গড় হিচাপে চাবলৈ গ’লে তাত থকা বড়োসকলৰ অৱস্থা কাৰ্বি-ডিমাছাসকলতকৈ বহু গুণে উন্নত। পৰিষদৰ নিৰ্বাচনত এজন বড়ো প্ৰাৰ্থী প্ৰত্যেক বাৰেই জয়ী হয় তথা কাৰ্য্যনিৰ্বাহক সদস্য হিচাপে অন্তৰ্ভুক্ত হয়।

ইপিনে, বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা প্ৰদান কৰিলে তাত থকা অন্যান্য, যেনে- মিচিং, দেউৰী ইত্যাদি সকলেও একেই মৰ্য্যদা বিচাৰি প্ৰতিবাদ আৰম্ভ কৰি দিব পাৰে বুলিও তেওঁ আমাৰ আগত কয়।

কাৰ্বি আংলং, ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলংত কেইবা দশক ধৰি স্বায়ত্তশাসিত ৰাজ্যৰ দাবী তুলি অহা হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, “কংগ্ৰেছ চৰকাৰৰ দিনত এই সমস্যা সমাধান নহ’ল। একেদৰে নীতীন গাডকাৰী, ৰাজনাথ সিঙে প্ৰতিশ্ৰুতি দি আহিছিল যদিও বৰ্তমানলৈকে পালন নকৰিলে।”

“এন ডি এ বা বিজেপিৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, তেওঁলোকে যোৱা ৫-৬ বছৰৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিছিল, তাৰ এটাও পালন নকৰিলে। পালন কৰাটো দূৰৰ কথা, মানুহৰ অৱস্থা দিনক দিনে বেয়াৰ ফালে গৈ আছে।” তেৰাঙে কয়।

উল্লেখযোগ্য যে আজি আৰ ডি এৰ সংবাদমেলত এল ডি পিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ প্ৰদ্যুৎ বৰা, ৰাজ্যিক সভাপতি গুণ গগৈ, আহ্বায়ক হলিৰাম তেৰাঙৰ উপস্থিতিত নৱগঠিত আদিবাসী নেশ্যনেল পাৰ্টীয়ে মৰ্চাটোত যোগদান কৰে। দলটোৱে তেজপুৰ, লখিপুৰ আৰু যোৰহাটত প্ৰাৰ্থিত্ব আগ বঢ়াব বুলি জানিবলৈ দিয়ে কাৰ্য্যকৰী সভাপতি বীৰেন মিৰ্ধাই। তেজপুৰত বিজয় তিৰু, যোৰহাটত নন্দিতা নাগ আৰু লখিমপুৰত প্ৰভুলাল বৈষ্ণৱক টিকট দিয়াৰ সিদ্ধান্ত লৈছে আদিবাসী নেশ্যনেল পাৰ্টীয়ে। ২০১৮ চনৰ ১৯ ডিচেম্বৰত গঠিত হৈছিল আঞ্চলিক দলটো।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

দিল্লীৰ আই ভি এফ কেন্দ্ৰৰ ভয়ংকৰ কাণ্ড : ডি এন এ পৰীক্ষাত পোহৰলৈ আহিল পিতৃ-মাতৃৰ নহয় যমজ কন্যা সন্তান

June 15, 2026 5:26 pm
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

যুক্তৰাজ্য চৰকাৰৰ ডাঙৰ পদক্ষেপ : ১৬ বছৰৰ তলৰ শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব ছচিয়েল ‎মিডিয়া

June 15, 2026 6:24 pm
বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

বিবিচিত বৃহৎ সংখ্যক কৰ্মচাৰীক অব্যাহতিৰ প্ৰস্তুতি! চাকৰি হেৰুৱাব ২,০০০ কৰ্মচাৰীয়ে

June 15, 2026 5:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd