জম্মু-কাশ্মীৰৰ পেহেলগামৰ বৈসাৰণ উপত্যকাত সংঘটিত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তত পোহৰলৈ আহিছে নতুন দিশ। এই আক্ৰমণৰ আঁৰত গাজাৰ সশস্ত্ৰ সংগঠন হামাছৰ কোনো ভূমিকা আছিল নেকি, তাক লৈ অনুসন্ধান আৰম্ভ কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ এনআইএ-ই। সূত্ৰৰ দাবী অনুসৰি, আক্ৰমণৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলে হামাছৰ পৰা কোনো প্ৰকাৰৰ সহায় লাভ কৰিছিল নেকি, সেই বিষয়টোও তদন্তৰ আওতালৈ অনা হৈছে।
পেহেলগামৰ আক্ৰমণৰ পিছতেই ভাৰত আৰু পাকিস্তানৰ মাজত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল। তদন্তকাৰী সংস্থাসমূহে পূৰ্বৰে পৰা সন্দেহ প্ৰকাশ কৰি আহিছে যে পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবা আৰু দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট, চমুকৈ টিআৰএফ, এই আক্ৰমণৰ সৈতে জড়িত আছিল। এতিয়া এই সংগঠনসমূহৰ সৈতে হামাছৰ কোনো প্ৰত্যক্ষ বা পৰোক্ষ সংযোগ আছিল নেকি, সেই প্ৰশ্নও তদন্তৰ কেন্দ্ৰবিন্দুলৈ আহিছে।
হামাছৰ নাম তদন্তত সাঙোৰ খাই পৰাৰ অন্যতম কাৰণ হিচাপে আক্ৰমণৰ কৌশলৰ কথা উল্লেখ কৰা হৈছে। তদন্তকাৰীসকলৰ মতে, পেহেলগামত ব্যৱহৃত আক্ৰমণৰ ধৰণৰ সৈতে হামাছৰ কৌশলগত পদ্ধতিৰ কিছু মিল দেখা গৈছে। উল্লেখযোগ্য যে ২২ এপ্ৰিলত এজন স্থানীয় বাসিন্দাসহ মুঠ ২৬ জন লোক নিহত হোৱা ঘটনাৰ পিছতেই ইজৰাইলৰ তৰফৰ পৰা আক্ৰমণৰ কৌশলৰ সৈতে হামাছৰ পদ্ধতিৰ মিল থকাৰ দাবী কৰা হৈছিল।
পেহেলগাম আক্ৰমণৰ মূল পৰিকল্পনাকাৰীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগো পূৰ্বেই উত্থাপন হৈছিল। তদন্তত সাজিদ জাট ওৰফে ছাইফুল্লা সাজিদ আৰু হাবিবুল্লা তাবাছুম নামৰ এজন ব্যক্তিৰ বিষয়ে তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইয়ে তেওঁক সাধাৰণ নাগৰিকৰ পৰিচয়েৰে জীৱন নিৰ্বাহ কৰাত সহায় কৰিছিল।
এই ঘটনাৰ তদন্তত কৰাচীৰ এটা বেংকৰ নামো সাঙোৰ খাই পৰিছে। সন্ত্ৰাসবাদীসকলক নিধন কৰাৰ উদ্দেশ্যে চলোৱা অপাৰেচন মহাদেৱৰ সময়ত দুটা মোবাইল ফোন উদ্ধাৰ কৰা হৈছিল। সূত্ৰৰ দাবী অনুসৰি, ইয়াৰে এটা মোবাইল ফোন কৰাচীৰ সংশ্লিষ্ট বেংকটোৰ পৰা ঋণ লৈ ক্ৰয় কৰা হৈছিল। বেংকটোৰ জৰিয়তে লস্কৰ-ই-তৈবাই ধনৰ লেনদেন চলাইছিল বুলিও অভিযোগ উত্থাপন হৈছে।
অৱশ্যে পেহেলগাম আক্ৰমণত হামাছৰ ভূমিকা সন্দৰ্ভত তদন্ত এতিয়াও অব্যাহত আছে। এনআইএৰ আনুষ্ঠানিক তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে এই অভিযোগসমূহৰ প্ৰকৃত সত্যতা স্পষ্ট হ’ব। তথাপি সমগ্ৰ ঘটনাত হামাছৰ নাম সাঙোৰ খাই পৰাটোৱে নতুনকৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।





