NORTHEAST NOW (Assamese)

আকৌ জনগণক মাধমাৰ! : এইবাৰ ক’ৰ’না প্ৰতিৰোধী অস্ত্ৰত চৰকাৰে লগালে ১৮% GST

July 16, 2020 6:48 am · এন ই নাও নিউজ
Updated: July 16, 2020 7:16 am

ক’ৰ’নাতংকৰ মাজতে পুনৰ জনগণৰ মূৰত প্ৰচণ্ড মাৰ শোধাবলৈ লৈছে চৰকাৰে।

এইবাৰ হেণ্ড চেনিটাইজাৰত চৰকাৰে লগাব ১৮ শতাংশ জি এছ টি।

ইয়াৰ ফলত ক’ৰ’না প্ৰতিৰোধী অন্যতম অস্ত্ৰৰূপে বিবেচিত এই হেণ্ড চেনিটাইজাৰৰ মূল্য বৃদ্ধি হোৱাটো নিশ্চিত।

Authority for Advance Rulingএ জনোৱা অনুসৰি বৰ্তমান জনসাধাৰণৰ বাবে অতি প্ৰয়োজনীয় হৈ পৰা হেণ্ড চেনিটাইজাৰত ১৮ শতাংশ জি এছ টি প্ৰয়োগ কৰা হ’ব।

হাইজেনিক প্ৰডাক্ট কেটেগৰীৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে ই অতীৱ প্ৰয়োজনীয় পণ্য হ’লেও জি এছ টিৰ অন্তভুৰ্ক্ত হ’ব।

হেণ্ড চেনিটাইজাৰ জি এছ টিৰ শ্ৰেণীভুক্ত হ’ব নে নহয় তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজ- অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙৰ সৈতে যোগাযোগ কৰিছিল।

তাৰবাবে স্প্ৰিংফিল্ড ইণ্ডিয়া ডিষ্টিলাৰিজৰ এক আবেদনৰ উত্তৰত অৰ্থৰিটি ফৰ এডভান্স ৰুলিঙ-এ হেণ্ড চেনিটাইজাৰক এবিধ বহুল বিক্ৰী হোৱা পণ্য হিচাপে জি এছ টিৰ অন্তভুৰ্ক্ত কৰিব পাৰি বুলি জনাইছে।

ইয়াৰ লগে লগে কেন্দ্ৰীয় চৰকাৰে হেণ্ড চেনিটাইজাৰত ১৮% জি এছ টি আৰোপ কৰিব পাৰিব।

“আবেদনকাৰীৰ দ্বাৰা উৎপাদিত হেণ্ড চেনিটাইজাৰক এলক’হল ভিত্তিক চেনিটাইজাৰৰ শ্ৰেণীভুক্ত হৈছে আৰু এইছ এছ এন-ৰ ৩৮০৮ বিভাগৰ অধীনত শ্ৰেণীৱদ্ধ কৰা হৈছে আৰু ই ১৮ শতাংশ জি এছ টি প্ৰদান কৰিব লাগিব।” কৰ্তৃপক্ষই এইদৰে কয়।

Related News