NORTHEAST NOW (Assamese)

শিপিনীলৈ সু-খৱৰ : প্ৰতিটো শিপিনী আত্মসহায়ক গোটলৈ ৫ লাখ টকাৰ অৰ্থ সাহাৰ্য্য

December 29, 2018 11:03 am · মৃদুল প্ৰীতম ডেকা

ৰাজ্যৰ শিপিনী সকললৈ সু-খৱৰ কঢ়িয়াই আনিছে ৰাজ্য চৰকাৰে। ৰাজ্যৰ শিপিনী আত্মসহায়ক গোট সমূহক ৫ লাখ টকাকৈ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত দত্তই। উইভাৰৰ্ছ ছাৰ্ভিচ চেন্টাৰসমূহক ২৫ লাখ টকাকৈ অৰ্থসাহাৰ্য্য প্ৰদানৰ পৰিকল্পনা কৰিছে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে।

ভোগালী বিহুৰ পিছতেই কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত হ’ব বৃহৎ শিপিনী সমাৰোহ। নামনি অসমৰ ৯ খন জিলাক সামৰি অনুষ্ঠিত হ’ব এই বৃহৎ শিপিনী সমাৰোহ। নামনি অসমৰ কামৰূপ(মেট্ৰ’), কামৰূপ, নলবাৰী, নগাওঁ, মৰিগাওঁ, দৰং, বৰপেটা, ৰঙিয়া, গোৱালপাৰাৰ প্ৰায় ৩০ হাজাৰ শিপিনীক সামৰি অনুষ্ঠিত কৰা হ’ব এই বৃহৎ শিপিনী সমাৰোহ।

কামৰূপ জিলা উপায়ুক্ত কাৰ্য্যলয়ৰ সভাগৃহত  অনুষ্ঠিত প্ৰস্তুতি সভাত এই মত ব্যক্ত কৰে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই।

ইফালে এই অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকী সোচ্চাৰ হৈ পৰে এইয়ুডিএফৰ প্ৰদান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত কৰা আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা কৰি সাংবাদিকৰ ওচৰত ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনায় মন্ত্ৰী দত্তই।

Related News