• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাৰিজনীয়া গভাইত চোৰে চিনেমাৰ কায়দাৰে হত্যা কৰিলে পশুধনৰ মালিকক

NE NOW NEWS বিদ্যুৎ জ্যোতি বৰা
চামগুৰি , December 29, 2018 11:14 am

2 min read

5cb7f7fb-0938-4f5e-88e9-79d4dcd1e67a

চামগুৰি আৰক্ষী নিৱেশ। ফটো : নৰ্থইষ্ট নাও

199
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ চামগুৰি আৰক্ষী চকীৰ অধীনৰ মোৱামাৰি আৰক্ষী চকীৰ অন্তৰ্গত বাজিয়াগাঁওৰ বৰমাবিলত চাৰিজনীয়া চোৰৰ দলে পশুধন চুৰি কৰিবলৈ আহি এজনক হত্যা কৰি পলায়ন কৰা ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে আজি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত এখন নম্বৰ প্লেট বিহীন সৰু গাড়ীত অহা প্ৰায় চাৰিজনীয়া গভাইত চোৰৰ দল এটাই চামগুৰি সমষ্টিৰ বাজিয়াগাঁওৰ বৰমাবিলৰ আইনুল ইছলামৰ ঘৰত প্ৰৱেশ কৰি পশুধনৰ গোহালিত দৰ্জা ভাঙি সোমাই ছাগলী চুৰি কৰি থকাৰ সময়তে গৃহস্থই গম পাই হুলস্থুল লগায়।

চোৰকেইজনে আইনুলৰ ভাতৃ আব্দুল হাইক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ লগতে পৰিয়ালটোৰ আন সদস্য ক্ৰমে আইনুল ইছলাম (ছাগলীৰ গৃহস্থ ), ভায়েক ফইজুল ইছলাম, ছাইকুল ইছলামক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।

পৰবৰ্তী সময়ত স্থনীয় লোকৰ একাংশ ঘটনাস্থলীত উপস্থিত হয় যদিও কোনো এজন চোৰক ধৰি ৰাখিবলৈ সক্ষম নহ’ল। ইয়াৰ বিপৰীতে ৰাইজে সৰু গাড়ীখনৰ গ্লাছ ভাঙি পেলোয় যদিও সন্ত্ৰাস সৃষ্টি কাৰী চোৰৰ দলটোৱে আব্দুল হাইক ছাগলীৰ ৰচিৰে গাড়ীত বান্ধি বৰমা লৈকে প্ৰায় সাতশ মিটাৰ ৰাস্তা পৰ্যন্ত পথেৰে চোচৰাই  লৈ যায়।

আনহাতে, ঘটনাৰ পাছতে মোৱামাৰি আৰক্ষীৰ নিৰ্লিপ্ততাৰ অভিযোগ তুলি সমগ্ৰ জিলাতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ইপিনে,পৰবৰ্তী সময়ত মোৱামাৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃত আব্দুল হাইক বৰমাৰ পথৰ পৰা উদ্ধাৰ কৰি চামগুৰি আৰক্ষী থানাত ৰখাৰ বিপৰীতে আৰক্ষীয়ে এই পৰ্যন্ত গাড়ী তথা গভাইত চোৰৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd