কা বিৰোধী আন্দোলনত আগভাগ লৈ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰা জুবিন গাৰ্গে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীক অৰ্থনৈতিক আন্দোলন সম্পৰ্কত বা কৃষি বিপ্লৱ সূচনা কৰাৰ লক্ষ্যৰে সাক্ষাৎ কৰি ছ’চিয়েল মিডিয়াৰ লগতে সচেতন মহলত সমালোচনাৰ সন্মুখীন হৈছিল।
শেহতীয়াকৈ কালি কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ ঘোষণা কৰাৰ পাছতো এচাম লোকে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল ছ’চিয়েল মিডিয়াত।
কিছুসংখ্যক ফেচবুক ব্যৱহাৰকাৰীয়ে কালিৰে পৰা জুবিন গাৰ্গক কটূ ভাষাৰে সমালোচনা কৰিছিল।
তাতে অসন্তোষ্ট আৰু ক্ষোভিত হৈ স্বয়ং জুবিন গাৰ্গৰ পত্নীৰ উগ্ৰ ফেইচবুক পোষ্টৰ জৰিয়তে ফাঁচীৰ দাবী কৰিছে।
তেওঁ পোষ্টত লিখি কয় ‘কোনেও আৰু একো কথা শুনিব আৰু পাতিব নালাগে। জুবিন গাৰ্গ নামৰ ভণ্ড দেশদ্ৰোহীটোক ৰাজপথতে ফাঁচি দিয়ক।‘
স্বয়ং জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছ’চিয়েল মিডিয়াযোগে এই মন্তব্য কৰাৰ পাছতে এতিয়া ছ’চিয়েল মেডিয়াত তোলপাৰ লগা পৰিলক্ষিত হৈছে।
অৱশ্যে পোষ্টটো কৰা প্ৰায় এঘন্টাৰ পাছত নিজৰ টাইমলাইনৰ পৰা পোষ্টটো গৰিমা শইকীয়া গাৰ্গে ডিলিট কৰিলে যদিও ইতিমধ্যে ভাইৰেল হৈছে তেওঁৰ স্ক্ৰীনশ্বটৰ কপি।
উল্লেখযোগ্য যে, দৰাচলতে কালি জুবিন গাৰ্গে কৃষি মন্ত্ৰী অতুল বৰাক সাক্ষাৎ কৰিছিল তথা জুবিন গাৰ্গে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাডৰ হোৱাৰো বিষয় উত্থাপন হৈছিল।
ইয়াৰ পাছতেই একাংশই ছ’চিয়েল মিডিয়াত জুবিন গাৰ্গক সমালোচনা কৰা দেখা গৈছিল।
এই বিষয়ে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে।