• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

হংসৰাজ কলেজ নে বিয়াৰ অভ্যৰ্থনাস্থলী? দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত পুত্ৰৰ বিয়াৰ আয়োজন অধ্যক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2026 12:18 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী বিশ্ববিদ্যালয়ৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান হংসৰাজ কলেজত এতিয়া শিক্ষাৰ পৰিৱেশৰ সলনি বিয়াৰ উখল-মাখল পৰিৱেশ দেখা গৈছে। কলেজ চৌহদত গোলাপী আৰু বগা ৰঙৰ তম্বু, আলোকসজ্জা আৰু বিয়াৰ বিশাল আয়োজনে এতিয়া সাধাৰণ ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। কলেজৰ অধ্যক্ষ ৰামা শৰ্মাৰ পুত্ৰৰ বিবাহৰ বাবে সমগ্ৰ কেম্পাছটোক এটা ব্যক্তিগত বিবাহ ভৱনলৈ ৰূপান্তৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বিৰুদ্ধে সোমবাৰে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্যালয়ৰ খেলপথাৰত সমবেত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ যে শৈক্ষিক কাম-কাজৰ বাবে ব্যৱহাৰ হ’বলগীয়া চৰকাৰী আন্তঃগাঁথনি এতিয়া অধ্যক্ষৰ ব্যক্তিগত পৰিয়ালৰ অনুষ্ঠানৰ বাবে ব্যৱহাৰ কৰা হৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে যে কলেজৰ এখন বৃহৎ খেলপথাৰত বিয়াৰ বাবে পেণ্ডেল সজা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে, এই আয়োজনৰ বাবে তেওঁলোকক খেলপথাৰ ব্যৱহাৰত বাধা দিয়া হৈছে। আনকি মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতা ‘খেলো হংসৰাজ’ৰ সময়সূচীও এই বিয়াৰ বাবেই সলনি কৰিবলগীয়া হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

Apply Now

এই সমগ্ৰ ঘটনাক লৈ ভাৰতীয় ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইয়ে প্ৰশাসনৰ দুমুখীয়া নীতিৰ সমালোচনা কৰিছে। ছাত্ৰ সংগঠনটোৱে জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলক সাধাৰণতে বিয়লি ৪ বজাৰ পিছত খেলপথাৰত সোমাবলৈ দিয়া নহয় আৰু মহাবিদ্যালয়ৰ বিভিন্ন উৎসৱ-পাৰ্বনৰ বাবেও সহজে অনুমতি পোৱা নাযায়। কিন্তু অধ্যক্ষৰ ঘৰৰ বিয়াৰ বাবে সকলো নিয়ম উলংঘা কৰি নিশাৰ ভাগতো কাম চলিবলৈ দিয়া হৈছে। বিশেষকৈ যিটো হোষ্টেল ভৱন যোৱা এবছৰ ধৰি বাস কৰাৰ অনুপযোগী বুলি বন্ধ কৰি থোৱা আছিল, সেইটোৱেই এতিয়া বিয়াৰ অতিথি থকাৰ বাবে মুকলি কৰি দিয়াৰ ঘটনাই ছাত্ৰ সমাজক আচৰিত কৰি তুলিছে।

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰিছে যে বিয়াৰ মঞ্চৰ বাবে গধুৰ লোৰ খুঁটা পোতাৰ ফলত খেলপথাৰখনৰ যথেষ্ট ক্ষতি হৈছে। এজন ছাত্ৰই সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে যিখন খেলপথাৰৰ পৰা তেওঁলোকক প্ৰতিদিনে খেদি পঠিওৱা হয়, সেইখন কেনেকৈ কাৰোবাৰ ব্যক্তিগত অনুষ্ঠানৰ বাবে এৰি দিব পাৰি। ইয়াৰ দ্বাৰা মহাবিদ্যালয়ৰ শৈক্ষিক গৰিমা লাঘব হোৱা বুলিও তেওঁলোকে মত পোষণ কৰে। অধ্যক্ষৰ পৰা এই সন্দৰ্ভত কোনো স্পষ্টীকৰণ পোৱা হোৱা নাই যদিও তেওঁৰ নীৰৱতাই ছাত্ৰ-ছাত্ৰীক অধিক উত্তেজিত কৰি তুলিছে।

ইফালে দিল্লী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই অভিযোগসমূহ বিশেষ গুৰুত্বসহকাৰে লোৱা নাই। বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক বিকাশ গুপ্তাই জানিবলৈ দিছে যে অধ্যক্ষগৰাকী মহাবিদ্যালয়ে প্ৰদান কৰা চৰকাৰী আৱাসত থাকে আৰু সেই পৰিসৰত তেওঁৰ ব্যক্তিগত অনুষ্ঠান পাতিবলৈ সম্পূৰ্ণ অধিকাৰ আছে। তেওঁৰ মতে ইয়াত কোনো নতুন নিয়ম ভংগা হোৱা নাই আৰু পূৰ্বতেও এনে অনুষ্ঠান অনুষ্ঠিত হৈছে। অৱশ্যে বিশ্ববিদ্যালয়ৰ এই মন্তব্যত সন্তুষ্ট নহৈ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশাসনৰ পৰা স্বচ্ছতা আৰু জবাবদিহিতাৰ দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

তিনি বছৰৰো অধিক সাংবাদিকতাৰ অভিজ্ঞতা থকা অঞ্জুমান ভৰদ্বাজে বৰ্তমান 'নৰ্থইষ্ট নাও'ৰ অসমীয়া সংস্কৰণৰ কপি সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। উত্তৰ-পূৰ্বাঞ্চল, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি, পৰিবেশ, ক্ৰীড়া আৰু স্বাস্থ্য সম্পৰ্কীয় বিষয়ত তেওঁৰ বিশেষ আগ্ৰহ আছে। ঔষধ প্ৰতিৰোধী যক্ষ্মাৰোগৰ প্ৰতিবেদন প্ৰস্তুতৰ বাবে ভৰদ্বাজে ২০২৫-২৬ বৰ্ষৰ 'ৰীচ্চ মিডিয়া ফেল’শ্বিপো' (REACH Media Fellowship) লাভ কৰিছে। [email protected]

Stay Connected

  • 117k Fans

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

একেৰাহে দ্বিতীয় বছৰ! লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অনুপস্থিত খাৰ্গে-ৰাহুল গান্ধী

August 15, 2026 1:00 pm
ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

ৰেলীৰ নামত লাখ লাখ টকাৰ শ্ৰাদ্ধ, কিন্তু গাঁৱৰ স্কুলৰ অৱস্থা তথৈবচ! ব্যৱস্থা সলনিৰ সংকল্পৰে অভিজিৎ দীপকেৰ নতুন যুঁজ

August 15, 2026 2:51 pm
অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমত গঠন হ’ব ৮ খন নতুন উপ-জিলা : স্বাধীনতা  দিৱসৰ দিনা ঘোষণা মুখ্যমন্ত্ৰীৰ

August 15, 2026 1:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd