বয়স্ক লোকৰ বাবে উপকাৰী যৌন মিলন :: সুখী যৌন জীৱনে দূৰ কৰে হৃদৰোগৰ সম্ভাৱনা

নাৰীৰ অৰ্গাজমে অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিয়ে শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰাৰ লগতে প্ৰত্যক্ষভাৱে ৰক্তচাপ হ্ৰাস কৰে।

২০১০ চনত আমেৰিকান জাৰ্নেল অৱ কাৰ্ডিঅ’লজিত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে যে সপ্তাহত কমেও দুবাৰকৈ যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষৰ হৃদৰোগৰ সম্ভাৱনা মাহে এবাৰহে যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষতকৈ যথেষ্ট কম।

২০১২ চনত প্ৰকাশিত আমেৰিকান হাৰ্ট এছ’চিয়েশ্যনৰ এটা প্ৰবন্ধত প্ৰকাশ কৰা হৈছিল যে যৌন সম্পৰ্ক নিয়মিতভাবে স্থাপন কৰা ব্যক্তিৰ হাৰ্ট এটেকৰ সম্ভাৱনা ১ শতাংশতকৈও কম। আনহাতে হাৰ্ট ৰোগীসকলৰ বাবে যৌন সম্পৰ্ক সম্পূৰ্ণ নিৰাপদ।

সুস্থ হৃদযন্ত্ৰৰ বাবে যৌন সম্পৰ্কৰ প্ৰয়োজন। ক্লিভলেণ্ড ক্লিনিক হাস্পতালৰ ইন্টাৰভেনচনেল কাৰ্ডিঅ’লজীৰ চিকিৎসা সঞ্চালক ডাঃ ডিন নুক্টাৰ মতে, সুস্থ হৃদযন্ত্ৰ আৰু যৌন কাৰ্যকলাপ দুয়োটা দুয়োটাৰে বাবে উপকাৰী, প্ৰয়োজনীয় আৰু ভাল। যৌন কাৰ্যই যেনেকৈ হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কমায়, ঠিক তেনেদৰে সুস্থ হৃদযন্ত্ৰই যৌন কাৰ্যকলাপৰ মাত্ৰা আৰু পৰিমাণো বৃদ্ধি কৰে।

লগতে পঢ়ক : দলবদ্ধ ধৰ্ষণৰ বলি নাবালিকা! পৰিত্যক্ত বাংলোত নাৰকীয় যৌন নিৰ্যাতন; ৮ জনক গ্ৰেপ্তাৰ

যৌনতা হৃদযন্ত্ৰ সুস্থ কৰি ৰাখে এটা ভাল এৰোবিক ব্যায়াম। আমেৰিকান কলেজ অৱ স্প’ৰ্টছৰ মতে, এৰোবিক ব্যায়াম হ’ল শৰীৰৰ বৃহৎ পেশীবোৰৰ ছন্দময়ভাৱে কৰা ব্যায়াম। এৰোবিক ব্যায়ামে ওজন হ্ৰাস কৰে, যাৰ ফলত ডায়েবেটিছ হ্ৰাস বা প্ৰতিৰোধ হয় আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস পায়। যিহেতু যৌন সম্ভোগ এৰোবিক ব্যায়াম, গতিকে মধ্যমীয়া যৌন কাৰ্যকলাপে বিশেষকৈ মহিলাৰ উচ্চ ৰক্তচাপ কমায়।

নাৰীৰ অৰ্গাজমে অক্সিট’চিন হৰম’ন নিৰ্গত কৰে, যিয়ে শৰীৰৰ ৰক্তবাহী নলী প্ৰসাৰিত কৰাৰ লগতে প্ৰত্যক্ষভাৱে ৰক্তচাপ হ্ৰাস কৰে। যৌন সম্পৰ্কই মনৰ শান্তি আনে, মানসিক উদ্বেগ আৰু অস্থিৰতা দূৰ কৰে, মানসিক চাপ কমায়।

ষ্ট্ৰেছ হৰম’নে আমাৰ হৃদস্পন্দন বৃদ্ধিৰ লগতে ৰক্তবাহী নলী সংকুচিত কৰে। যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায় আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। যৌনতাই ষ্ট্ৰেছ হৰম’ন হ্ৰাস কৰে, মনক শান্ত কৰে, হৃদস্পন্দন স্বাভাৱিক কৰে, ৰক্তচাপ কমায় বা স্বাভাৱিক কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে। গতিকে মধ্যমীয়া আৰু নিয়মীয়া যৌন অনুশীলনে মানসিক চাপ, হতাশা, ভাগৰ, উদ্বেগ, নিসংগতা দূৰ কৰি মানসিক স্বাস্থ্য ভাল কৰি ৰাখে।

লগতে পঢ়ক :  অণ্ডকোষৰ বিষত চিকিৎসকৰ ওচৰ পালেগৈ যুৱক :: অণ্ডকোষৰ ভিতৰত ওলাল কি ?

 

যৌন কৰ্মৰ এই উপকাৰিতা বয়সস্থ লোকৰ বাবে অধিক গুৰুত্বপূৰ্ণ কাৰণ বয়সৰ লগে লগে যৌন কৰ্মৰ ক্ষমতাতকৈ সম্পৰ্কৰ গভীৰতা অধিক হয়। গতিকে স্বাভাৱিক আৰু মধ্যমীয়া যৌন মিলনে বয়সস্থ লোকৰো শৰীৰত স্বাভাৱিক তেজৰ যোগান ধৰে। সুন্দৰ শাৰীৰিক আৰু মানসিক অনুভূতিৰ সৃষ্টি হয়। লগতে যৌন মিলনে যুৱচামৰ লগতে বয়স্ক লোকৰো মানসিক উদ্বেগ, হতাশা আৰু মানসিক চাপ কমায়।

লগতে পঢ়ক : এক কিলো চাহপাতৰ মূল্য ১.১৫ লাখ টকা! অসমতে উঠিছে চাহপাতৰ এই দৰ!