মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা মিছনৰ উদ্যোগত তথা কাঞ্চনঘংঙা আৰু মহুৱা মণ্ডল পৰ্য্যায়ৰ সহযোগত কৃষি সখী,বেংক সখী,জীৱিকা সখী বেংক মিত্ৰ,অসম ৰাজ্যিক জীৱিকা মিছনৰ সমূহ কৰ্মচাৰীৰ সহযোগত আজি দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক এক সজাগতা ৰেলী উলিওৱা হয়।
মধ্য যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি ম: মকিবুৰ ৰহমানে শুভ উদ্বোধন কৰা এই ৰেলী চিপাহীখোলাস্থিত মধ্য যোৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা ঢেকীয়াখোৱা হৈ প্ৰায় তিনি কিলোমিটাৰ পথ সদস্যাসকলে খোজকাঢ়ি হাতে হাতে ত্ৰিৰংগা লৈ সকলোকে নিজ নিজ ঘৰত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে পতাকা উত্তোলন অথবা লগাই ৭৫ বছৰীয়া আজাদিৰ শুভক্ষণটি সমগ্ৰ দেশৰ লগতে উদযাপন কৰিবলৈ আহ্বান জনায়।