NORTHEAST NOW (Assamese)

এন আৰ চিয়ে স্বদেশী গোৰ্খাক বিদেশী সজাইছে, বিশ্বনাথত প্ৰতিবাদ আগছুৰ

September 4, 2018 10:01 pm · কাজী জেইদুল ইছলাম

এন আৰ চিয়ে স্বদেশী গোৰ্খাক বিদেশী সজোৱাৰ লগতে নথিৰ নামত হাৰাশাস্তি কৰা, ডি ভোটাৰ সজোৱা আদিৰ অভিযোগত মঙলবাৰে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্য্যালয়ত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিয়ে।

নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰাত গোর্খা সকলৰ ক্ষেত্ৰত বিষয়াই চূড়ান্ত গাফিলতি কৰা আৰু ডি ভোটাৰৰ নামত স্থায়ী নাগৰিকক হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগেৰে জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰও প্ৰদান কৰে আদছুৱে।

প্ৰতিবাদত সন্থাৰ বিশ্বনাথ জিলাৰ সভাপতি দিলীপ গজুৰেল, সম্পাদক ঘনলাল বিশ্বকৰ্মা, উপ-সভাপতি কুমাৰ আচাৰ্য্য, সুনীল সুতাৰ, দ্বীপেন ছেত্ৰী আৰু সহকাৰী সম্পাদক প্ৰকাশ খনালকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।

Related News