NORTHEAST NOW (Assamese)

মহেন্দ্ৰ সি ধোনী অতি লাজকুৰীয়া আছিল, আমাৰ কোঠালৈয়ে অহা নাছিল : হৰভজন সিং

May 8, 2020 7:20 am · এন ই নাও নিউজ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ সম্পৰ্কত মত ব্যক্ত কৰিছে অফস্পীনাৰ হৰভজন সিঙে।

ধোনী সন্দৰ্ভত হৰভজন সিঙে মত ব্যক্ত কৰি ধোনীক অত্যন্ত লাজকুৰীয়া বুলি অভিহিত কৰে।

‘‘মহেন্দ্ৰ সিং ধোনী অত্যন্ত লাজকুৰীয়া আছিল। তেও কেতিয়াও আমাৰ কোঠালৈ অহা নাছিল,’’ হৰভজনে লগতে কয়।

২০০৮ চনৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পাছতহে ধোনীয়ে দলৰ বাকীবোৰ সদস্যৰ সৈতে সহজ হয় আৰু তেতিয়াৰ পৰা তেও মুকলিমুৰীয়া হ’বলৈ আৰম্ভ কৰে।

হৰভজন সিঙে মহেন্দ্ৰ সিং ধোনীৰ অধিনায়কত্ব আৰু বেটি শৈলীকো উচ্চ প্ৰশংসা কৰে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ইংলেণ্ডৰ দুই তাৰকা প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেন আৰু নাছিল হুছেইেও মহেন্দ্ৰ সিং ধোনীক শ্ৰেষ্ঠ অধিনায়ক আখ্যা দিছিল।

ভাৰতীয় দলৰ প্ৰাক্তন অপেনিং বেটছমেন তথা বৰ্তান লোকসভাৰ সাংসদ গৌতম গম্ভীৰেও ধোনীক মহান অধিনায়ক আখ্যা দি ৰোহিত শৰ্মা, বিৰাট কোহলী আদিৰ দৰে ক্ৰিকেটাৰৰ কেৰিয়াৰ গঢ়াত ধোনীৰ বৰঙণিৰ কথা উল্লেখ কৰে।

Related News