কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীৰ পত্নীৰ সম্পত্তি তেওঁতকৈ অধিক। মধ্যপ্ৰদেশৰ ৰাজ্যসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে পুৰীয়ে। পুৰীয়ে মনোনয়ন পত্ৰৰ লগতে শপতনামা দাখিল কৰিছে।
ইয়াৰ পৰা দেখা গৈছে যে পুৰীৰ অস্থাৱৰ সম্পত্তিৰ মূল্য ৬.৫৪ কোটি টকা। পশ্চিম দিল্লীৰ এটা আৱাসিক সম্পত্তিকে ধৰি স্থাৱৰ সম্পত্তিৰ মূল্য ২০ কোটি টকা।
বিগত পাঁচ বছৰত মন্ত্ৰীগৰাকীৰ বাৰ্ষিক আয় ৬৩.৩৬ লাখৰ পৰা ৭৫.৫৭ লাখলৈ বৃদ্ধি পাইছে। পুৰীয়ে তেওঁৰ পেঞ্চন, কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দৰমহা, দিল্লীৰ সম্পত্তিৰ পৰা ভাড়া আৰু বেংক জমা ধনৰ সুত উপাৰ্জনৰ উৎস হিচাপে দেখুৱাইছে।
আনহাতে, পত্নীৰ অস্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ মূল্য ক্ৰমে ১০.৬৬ কোটি আৰু ৯ কোটি টকা। স্থাৱৰ সম্পত্তিৰ ভিতৰত আছে গ্ৰেটাৰ নয়ডাত ১৯.৫২ লাখ টকাৰ এটা ঘৰ। ইয়াৰ বাহিৰেও ছুইজাৰলেণ্ডৰ জেনেভাত এটা এপাৰ্টমেণ্ট আছে যাৰ মূল্য ভাৰতীয় মুদ্ৰাত ৩৪ কোটি টকা।
শপতনামাত উল্লেখ কৰা অনুসৰি পত্নী লক্ষ্মী পুৰীৰ সঞ্চয় আছে ২.৭৫ কোটি টকা। যোৱা পাঁচ বছৰত পুৰীৰ বাৰ্ষিক আয় ১২.২১ লাখ টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে পত্নীৰ আয় ১৫.৩৯ লাখৰ পৰা ১.৬৯ কোটি টকালৈ ১১ গুণ বৃদ্ধি পাইছে।
ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰসংঘৰ পৰা লাভ কৰা পেঞ্চন, জেনেভাৰ সম্পত্তিৰ পৰা ভাড়া আৰু বেংকত জমা ধনৰ সুত শপতনামাত তেওঁৰ আয়ৰ উৎস হিচাপে দেখুওৱা হৈছে।
উল্লেখ্য যে লক্ষ্মী পুৰী ভাৰতীয় বৈদেশিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া। কূটনীতিবিদ আৰু ৰাষ্ট্ৰসংঘৰ এগৰাকী বিষয়া হিচাপে কাম কৰি আহিছে। শপতনামা অনুসৰি কেন্দ্ৰীয় মন্ত্ৰীৰ হাতত নগদ ১০ হাজাৰ টকা আৰু ২২ লাখ টকাৰ এখন গাড়ী আছে। তেওঁৰ পত্নীৰ হাতত নগদ ২০ হাজাৰ টকা আৰু ৪৫ লাখ টকাৰ গহনা আছে।





