গুজৰাট কংগ্ৰেছৰ সভাপতি পদত পাটিদাৰ নেতা হাৰ্দিক পেটেল

HARDIK2

বি জে পিৰ অভেদ্য দূৰ্গত পৰিণত হোৱা গুজৰাটত ভেটি সৱল কৰাৰ লক্ষ্যৰে গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি দিয়া হৈছে পাটিদাৰ আন্দোলনৰ জনপ্ৰিয় নেতা হাৰ্দিক পেটেলক ।

দেওবাৰে কংগ্ৰেছৰ অন্তৰ্ৱতীকালিন নেত্ৰী ছোনিয়া গান্ধীয়ে আনুষ্ঠানিক ভাবে পেটেলক গুজৰাট কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি হিচাবে নিযুক্তি প্ৰদান কৰে।

গুজৰাটৰ পাটিদাৰ সম্প্ৰদায়ৰ লোক সকলক কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত কৰাৰ লক্ষ্যৰেই হাৰ্দিক পেটেলক দলটোৱে সভাপতি পদত অধিষ্ঠিত কৰা বুলি ধাৰণা কৰা হৈছে।

বিজেপিৰ প্ৰতাপত গুজৰাটত কংগ্ৰেছ বৰ্তমান ভালেখিনি নিশকতীয়া হৈ পৰা দেখা গৈছে। এনে পৰিস্থিতিত কংগ্ৰেছে গুজৰাটত এগৰাকী যোগ্য নেতাৰ সন্ধানত আছিল । হার্দিক পেটেলে ২০১৫ চনত পাটিদাৰ সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ দাবীৰে আৰম্ভ কৰিছিল পাটিদাৰ আন্দোলন।

চলিত বৰ্ষৰ প্ৰথম ভাগত তিনি বছৰ পুৰণি এটা গোচৰত আহমেদাবাদ আৰক্ষীয়ে পেটেলক গ্ৰেপ্তাৰ কৰিছিল।

২০১৭ চনত হাৰ্দিক পেটেলে কংগ্ৰেছত যোগদান কৰি দলটোৰ এগৰাকী অন্যতম নেতাত পৰিণত হৈছেল।

পেটেলে গুজৰাট কংগ্ৰেছৰ পূৰ্বৰ সভাপতি অমিত চাভদাৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব।

আজি কংগ্ৰেছে জাৰি কৰা নিৰ্দেশনা খনত নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক বেণু গোপালেও স্বাক্ষৰ কৰে।