নতুন বিপদত ৰামদেৱ! উচ্চতম ন্যায়ালয়ৰ পাছত এইবাৰ হৰিদ্বাৰ আদালতত ৰুজু হ’ল গোচৰ, হাজিৰ হোৱাৰ নিৰ্দেশ

যোগ গুৰু ৰামদেৱ আৰু সহযোগী আচাৰ্য বালকৃষ্ণৰ হ্ৰাস হোৱা নাই বিপদ। হৰিদ্বাৰৰ এখন আদালতে পতঞ্জলিৰ ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপনৰ গোচৰত এইবাৰ চমন জাৰি কৰিছে। উচ্চতম ন্যায়ালয়ে এই গোচৰৰ শুনানি গ্ৰহণ কৰি আছে। ৰামদেৱে দাবী কৰিছিল যে জ্বৰ আৰু টাইফয়েডৰ পৰা আৰম্ভ কৰি যকৃতৰ ৰোগ আৰু ছালৰ সমস্যালৈকে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহাৰ কৰা ঔষধসমূহ ‘বিষাক্ত, কৃত্ৰিম’। সেই দাবীৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে৷

১৬ এপ্ৰিলত জিলাখনে আয়ুৰ্বেদিক আৰু ইউনানী বিষয়াই দিব্যা ফাৰ্মাচী আৰু পতঞ্জলিৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল। এই গোচৰৰ প্ৰাৰম্ভিক শুনানিৰ অন্তত হৰিদ্বাৰৰ মুখ্য ন্যায়িক দণ্ডাধীশ ৰাহুল কুমাৰ শ্ৰীবাস্তৱে ৰামদেৱ আৰু বালকৃষ্ণক ১০ মে’ত আদালতত হাজিৰ হ’বলৈ কয় যদিও উপস্থিত থকাৰ পৰা বিৰত থাকে। ইয়াৰ পাছত আদালতে ৰামদেৱক নতুন চমন প্ৰেৰণ কৰিছে । এই গোচৰৰ পৰৱৰ্তী শুনানি হ’ব ৭ জুনত। সেইদিনাই আদালতত হাজিৰ হ’বলৈ কোৱা হৈছে ৰামদেৱক।

মন কৰিবলগীয়া যে পতঞ্জলিয়ে প্ৰথমে ২০২০ চনৰ ২৩ জুনত ক’ৰ’নিল কিট বজাৰলৈ আনিছিল। ‘ক’ৰ’নিল’ আৰু ‘শ্বাহৰী বট্টি’ নামৰ দুবিধ টেবলেট আৰু ‘অনু অইল’ নামৰ ২০ মিলিলিটাৰৰ এটা তেলৰ বটলৰে গঠিত এই কিটটোৰ মূল্য আছিল ৫৪৫ টকা। ইচ্ছা কৰিলে টেবলেট আৰু তেল পৃথকে পৃথকে কিনিব পাৰিব বুলিও জনোৱা হয়। ইয়াৰ পাছত ১৮ অক্টোবৰ পৰ্যন্ত মুঠ ২৩ লাখ ৫৪ হাজাৰ ক’ৰ’নিল কিট বিক্ৰী কৰা হৈছে বুলি সংগঠনটোৱে প্ৰকাশ কৰিছে।

এই বিজ্ঞাপনত আপত্তি কৰি আই এম এয়ে ৰামদেৱৰ সংগঠনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। পতঞ্জলিৰ কেইবাটাও বিজ্ঞাপনত এলোপেথিক মেডিচিন আৰু চিকিৎসকক অৱমাননা কৰা বুলি অভিযোগ উত্থাপন কৰিছে আই এম এয়ে। ইয়াৰ উপৰিও বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ উত্থাপন হৈছিল। অভিযোগ উত্থাপন হৈছিল যে ৰামদেৱৰ পতঞ্জলিয়ে ক’ভিড বিৰোধী নহ’লেও কেৱল ক’ৰ’নিল কিট বিক্ৰী কৰিয়েই ২৫০ কোটিৰো অধিক লাভ কৰিছিল। আৰু আই এম এয়ে অভিযোগ কৰিছিল যে ইয়াৰ বাবে ‘বিভ্ৰান্তিকৰ আৰু মিছা’ বিজ্ঞাপন অভিযান চলোৱা হৈছিল। এই গোচৰত যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সহযোগী আচাৰ্য বালকৃষ্ণই উচ্চতম ন্যায়ালয়ত বাৰে বাৰে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। উচ্চতম ন্যায়ালয়ে ৰামদেৱক ‘বিভ্ৰান্তিকৰ আৰু ভুৱা বিজ্ঞাপন’ৰ বাবে ক্ষমা খুজিবলৈো নিৰ্দেশ দিছিল।