হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ: ‘প্ৰাক্তন মুছলমান’ৰ বিৰুদ্ধে এজাহাৰ দাখিল আৰক্ষীৰ

Haridwar Hate Speech

“ধৰ্মৰক্ষাৰ বাবে সকলো হিন্দুৱে হাতত অস্ত্ৰ তুলি ল’ব। এইবাৰ চাফাই অভিযান চলাব লাগিব!’’ এনেধৰণৰ উচটনিমূলক ঘৃণাভৰা বক্তব্যই জোকাৰি গৈছে দেশ। যোৱা কিছু বছৰধৰি হিন্দুত্ববাদী নেতাসকলে এনেধৰণে বক্তব্য আগবঢ়াই আহিছে।

শেহতীয়াকৈ যোৱা ১৭ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈকে পৱিত্ৰ চহৰ হৰিদ্বাৰত এখন গোপন ধৰ্ম সংসদঅনুষ্ঠিত হৈ যায়। এই ধৰ্ম সংসদতো বক্তাসকলে অজস্ৰ ইছলাম ধৰ্মৰ বিৰুদ্ধে অজস্ৰ ঘৃণা আৰু উচটনিমূলক বক্তব্য আগবঢ়ায়। এই ধৰ্ম সংসদৰ প্ৰধান আয়োজক আছিল গাজিয়াবাদৰ বিতৰ্কিত ধৰ্মগুৰু যতি নৰসিংহনন্দ। এই সম্পৰ্কত উত্তৰাখণ্ড আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে।

লক্ষ্যণীয়ভাৱে এই ধৰ্ম সংসদৰ মূল আলোচনাৰ বিষয়টোও সম্পূৰ্ণ সাম্প্ৰদায়িক আৰু অসংবিধানিক। আলোচনাৰ বিষয়বস্তু হিচাপে লোৱা হৈছিল ভাৰত এসময়ত ইছলামিক হৈ পৰিব আৰু ২০২৯চনত দেশৰ প্ৰধানমন্ত্ৰী মুছলমান হ’ব। তাত হিন্দুত্ববাদী ধৰ্মগুৰুসকলে মুছলিমৰ বিৰুদ্ধে গণহত্যাৰ উচটনি দিয়াৰ ভিডিঅ’ ক্লিপসমূহ বুধবাৰে ভাইৰেল হৈ পৰে। তাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আনকি কিংম্বদন্তি মাৰ্কিন টেনিছ তাৰকা মাৰ্টিনা নাভ্ৰাটিলোভাইও টুইটাৰত এটা ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰিছে। তাত তাৰকাগৰাকীয়ে প্ৰশ্ন কৰিছে যে ভাৰতত এইবোৰ কি হৈ আছে?

ভাইৰেল হৈ পৰা ভিডিঅ’ ক্লিপ এটাত হিন্দু ৰক্ষা সেনা নামৰ এটা সংগঠনৰ প্ৰবোধানন্দ গিৰিয়ে বিস্ফোৰক মন্তব্য দিয়া দেখা গৈছে। তেওঁ উদ্দাত্ত কণ্ঠেৰে কৈছে যে আৰক্ষী, সেনা, ৰাজনীতিক তথা হিন্দু সম্প্ৰদায়ৰ সকলো লোকে হাতত অস্ত্ৰ তুলি লোৱাৰ প্ৰয়োজন। মুছলিমৰ বিৰুদ্ধে ‘চাফাই অভিযান’ চলাবলৈও তেওঁ প্ৰৰোচনা দিয়ে।

আনহাতে, সাধ্বী অন্নপূৰ্ণা নামৰ আন এগৰাকী বক্তাই কোৱা শুনা গৈছে যে এনেকুৱা ১০০জন যোদ্ধাৰ প্ৰয়োজন, যিয়ে মুছলিমৰ ২০ লাখ লোকক হত্যা কৰিব। আনকি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক হত্যা কৰাৰ পৰিকল্পনাৰ কথাও ধৰ্ম সংসদত উত্থাপন হয়। স্বামী ধৰমদাস মহাৰাজে কয় যে সুযোগ পোৱা হ’লে তেওঁ প্ৰাক্তন প্ৰধানমন্ত্ৰীজনক হত্যা কৰিলেহেঁতেন। নাথুৰাম গডছেক অনুসৰণ কৰি এটা ৰিভলভাৰেৰে ৬বাৰ বুকুত গুলী কৰিলোহেঁতেন।

আনহাতে, আৰক্ষীয়ে ৰুজু কৰা গোচৰটোক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছে। অনুষ্ঠানটোত কেইবাজনো বক্তাই উচটনিমূলক সাম্প্ৰদায়িক বক্তব্য প্ৰদান কৰিছিল। কিন্তু কেৱল জিতেন্দ্ৰ নাৰায়ণ ত্যাগীৰ এজন লোকৰ ওপৰত গোচৰ তৰা হৈছে। এই জিতেন্দ্ৰ নাৰায়ণ ত্যাগী হৈছে চলিত মাহৰ প্ৰথমফালে ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু হোৱা ৱাছিম ৰিজৱী।

উল্লেখযোগ্য যে উত্তৰপ্ৰদেশৰ ছিয়া ৱাকফ বৰ্ডৰ মুৰব্বী ৰিজৱীৰ এই ধৰ্ম পৰিবৰ্তনে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু হৰিদ্বাৰৰ এই ঘটনাটোত কিয় তেওঁক মুখ্য কৰি গোচৰ তৰা হৈছে সেয়া তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। কোৱা হৈছে যে তাত তেওঁ ইছলাম ধৰ্মৰ বিৰুদ্ধে উচটনিমূলক বক্তব্য প্ৰদান কৰিছিল।

লক্ষ্যণীয়ভাৱে উক্ত বিতৰ্কিত ধৰ্ম সংসদত জ্যেষ্ঠ বিজেপি নেতা অশ্বিনী উপাধ্যায় আৰু উদিতা ত্যগীও উপস্থিত আছিল। উল্লেখযোগ্য যে বিজেপি নেতা অশ্বিনী উপাধ্যায়েই ইয়াৰ পূৰ্বে মুছলিমৰ বিৰুদ্ধে হিংসাত্মক প্ৰৰোচনা কৰাৰ বাবে দিল্লীত গ্ৰেপ্তাৰো হৈছিল। হৰিদ্বাৰত হোৱা ধৰ্ম সংসদৰ আয়োজকসকলো বিজেপিৰ স’তে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে।

ধৰ্ম সংসদৰ ক্লিপসমূহ চোৱাৰ পাছত যিকোনো সচেতন তথা প্ৰগতিকামী ভাৰতীয়ৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰশ্ন উত্থাপন হৈছে- ২০১৪ চনত নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত দেশত এইবোৰ কি হৈ আছে? ভাৰতৰ সংবিধানবিৰোধী এনেধৰণৰ বক্তব্যসমূহে দেশৰ প্ৰতিচ্ছৱি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ম্লান কৰি তোলা নাইনে?