হৰিদ্বাৰ সাম্প্ৰদায়িক ভাষণ: আয়োজকক গ্ৰেপ্তাৰ, আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Haridwar hate speech

যোৱা মাহত হৰিদ্বাৰত অনুষ্ঠিত বিতৰ্কিত ধৰ্ম সংসদ নামৰ অনুষ্ঠানটোৰ আয়োজক য়াতি নৰসিংহনন্দক ধৰ্ম সংসদ ঘৃণামূলক ভাষণ গোচৰত আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। দুদিন পূৰ্বে নৰসিংহনন্দক এটা পৃথক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

মহিলাৰ ওপৰত আপত্তিজনক মন্তব্যৰ বাবে শনিবাৰে নৰসিংহানন্দক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক দেওবাৰে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

ৰিমাণ্ডআবেদনত তেওঁৰ বিৰুদ্ধে ধৰম সংসদ ঘৃণামূলক ভাষণ গোচৰৰ কথাও উল্লেখ কৰা হৈছিল বুলি আৰক্ষী বিষয়াসকলে উল্লেখ কৰে।

এজন শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি নৰসিংহনন্দক 153A আৰু 295A ধাৰাত অভিযুক্ত কৰা হৈছে।

উল্লেখ্য যে হৰিদ্বাৰ “ধৰ্ম সংসদ” ঘৃণামূলক ভাষণ সম্পৰ্কীয় গোচৰটোত জিম্মাত লোৱা নৰসিংহনন্দ হৈছে দ্বিতীয় জন ব্যক্তি।

ইয়াৰ পূৰ্বে জিতেন্দ্ৰ নাৰায়ণ সিং ত্যাগী নামৰ এজন ধৰ্মান্তৰিত মুছলমান ব্যক্তিক উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছত ধৰ্ম সংসদ বিতৰ্কৰ প্ৰায় এমাহ পিচত গ্ৰেপ্তাৰ কৰা হৈছিল।