NORTHEAST NOW (Assamese)

কংগ্ৰেছত পদত্যাগৰ জোৱাৰ : ৰাহুল গান্ধীৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু অসমৰ দায়িত্ব এৰিলে হৰিশ ৰাৱাটে

July 4, 2019 6:15 pm · কল্পজ্যোতি শইকীয়া

কংগ্ৰেছত এতিয়া উঠিছে পদত্যাগৰ জোৱাৰ। বুধবাৰে ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ এৰাৰ ঠিক কিছু সময়ৰ পাছতে দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়কৰ দায়িত্বত থকা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱাটে পদত্যাগ কৰে। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে কালি এই কথা ঘোষণা কৰিছে ৰাৱাটে।

ৰাৱাটে টুইটাৰত লিখিছে যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় তথা সাংগঠনিক দুৰ্বলতাৰ বাবে কংগ্ৰেছৰ পদাধিকাৰীসকল জবাবদিহি। অসমতো কংগ্ৰেছ দলে দায়িত্ববাহী হিচাপে তেওঁ জৱাবদিহি বুলি টুইটাৰত লিখে।

ইয়াৰোপৰি তেওঁ টুইটাৰত কয়, ‘’মই মোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ইতিমধ্যে সাধাৰণ সম্পাদকৰ পদৰ বাবে পদত্যাগ পত্ৰ দিছো।‘’

ৰাৱটে লগতে লিখিছে যে, ‘’দলৰ বাবে সমৰ্পিত ভাৱেৰে কাম কৰাৰ বাবে মোৰ দৰে মানুহৰ পদৰ আৱশ্যক নাই, কিন্তু প্ৰেৰণা দিব পৰা নেতাৰ আৱশ্যক আছে। প্ৰেৰণা দিব পৰা ক্ষমতা কেৱল ৰাহুল গান্ধীৰ আছে, তেওঁৰ হাতত বাঘজৰী থাকিলে সম্ভৱতঃ ২০২৪ ত বিজেপি আৰু নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিব পৰা যাব। সেই গণতান্ত্ৰিক শক্তি আৰু সকলো কংগ্ৰেছ নেতা–কৰ্মীয়ে ৰাহুল গান্ধী সভাপতি হৈ থকাটো বিচাৰে।’’

ইপিনে, ৰাৱাটৰ পদত্যাগৰ পাছতে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই কয়, ‘’ৰাৱাটে যিখিনি উৎসাহ যোগাইছিল, কংগ্ৰেছক যিধৰণে শক্তিশালী কৰিব বিচাৰিছিল, সেইবোৰ আমি মিছ কৰিম। তেওঁৰ ঠাইত যিগৰাকী আহিব, তেওঁ আমাক নতুন কথা শিকাব বুলি আশা কৰিম আৰু শক্তিশালী হ’বলৈ যত্ন কৰিম।‘’

তেওঁ লগতে কয়,‘’ৰাৱাটে কংগ্ৰেছক জিকাবৰ বাবে চেষ্টা কৰিছিল। বহু বেয়া দিনতো কংগ্ৰেছৰ নেতৃত্ব লৈছিল। তেওঁৰ নেতৃত্বতে হওঁক বা আমাৰ নেতৃত্বতে হওঁক, আমি নোৱাৰিলো, তাৰ বাবে আমি সকলো কম বেছি পৰিমাণে দুখী।‘

Related News