• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কংগ্ৰেছত পদত্যাগৰ জোৱাৰ : ৰাহুল গান্ধীৰ পদত্যাগৰ পাছতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু অসমৰ দায়িত্ব এৰিলে হৰিশ ৰাৱাটে

লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় তথা সাংগঠনিক দুৰ্বলতাৰ বাবে কংগ্ৰেছৰ পদাধিকাৰীসকল জবাবদিহি : হৰিশ ৰাৱাট

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , July 4, 2019 6:15 pm

2 min read

Harish Rawat
677
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছত এতিয়া উঠিছে পদত্যাগৰ জোৱাৰ। বুধবাৰে ৰাহুল গান্ধীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ পদ এৰাৰ ঠিক কিছু সময়ৰ পাছতে দলৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ তত্বাবধায়কৰ দায়িত্বত থকা উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য মন্ত্ৰী হৰিশ ৰাৱাটে পদত্যাগ কৰে। নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে কালি এই কথা ঘোষণা কৰিছে ৰাৱাটে।

ৰাৱাটে টুইটাৰত লিখিছে যে লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয় তথা সাংগঠনিক দুৰ্বলতাৰ বাবে কংগ্ৰেছৰ পদাধিকাৰীসকল জবাবদিহি। অসমতো কংগ্ৰেছ দলে দায়িত্ববাহী হিচাপে তেওঁ জৱাবদিহি বুলি টুইটাৰত লিখে।

ইয়াৰোপৰি তেওঁ টুইটাৰত কয়, ‘’মই মোৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি ইতিমধ্যে সাধাৰণ সম্পাদকৰ পদৰ বাবে পদত্যাগ পত্ৰ দিছো।‘’

ৰাৱটে লগতে লিখিছে যে, ‘’দলৰ বাবে সমৰ্পিত ভাৱেৰে কাম কৰাৰ বাবে মোৰ দৰে মানুহৰ পদৰ আৱশ্যক নাই, কিন্তু প্ৰেৰণা দিব পৰা নেতাৰ আৱশ্যক আছে। প্ৰেৰণা দিব পৰা ক্ষমতা কেৱল ৰাহুল গান্ধীৰ আছে, তেওঁৰ হাতত বাঘজৰী থাকিলে সম্ভৱতঃ ২০২৪ ত বিজেপি আৰু নৰেন্দ্ৰ মোদীক পৰাস্ত কৰিব পৰা যাব। সেই গণতান্ত্ৰিক শক্তি আৰু সকলো কংগ্ৰেছ নেতা–কৰ্মীয়ে ৰাহুল গান্ধী সভাপতি হৈ থকাটো বিচাৰে।’’

ইপিনে, ৰাৱাটৰ পদত্যাগৰ পাছতে নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই।

শইকীয়াই কয়, ‘’ৰাৱাটে যিখিনি উৎসাহ যোগাইছিল, কংগ্ৰেছক যিধৰণে শক্তিশালী কৰিব বিচাৰিছিল, সেইবোৰ আমি মিছ কৰিম। তেওঁৰ ঠাইত যিগৰাকী আহিব, তেওঁ আমাক নতুন কথা শিকাব বুলি আশা কৰিম আৰু শক্তিশালী হ’বলৈ যত্ন কৰিম।‘’

তেওঁ লগতে কয়,‘’ৰাৱাটে কংগ্ৰেছক জিকাবৰ বাবে চেষ্টা কৰিছিল। বহু বেয়া দিনতো কংগ্ৰেছৰ নেতৃত্ব লৈছিল। তেওঁৰ নেতৃত্বতে হওঁক বা আমাৰ নেতৃত্বতে হওঁক, আমি নোৱাৰিলো, তাৰ বাবে আমি সকলো কম বেছি পৰিমাণে দুখী।‘

Recent News

Andhr

বিটিআৰ চুক্তি দিৱসৰ দ্বিতীয় দিনা কোকৰাঝাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে বৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা

Andhra_murder_25012021

পাশৱিক: ঈশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ দুই যুৱতী কন্যাক হত্যা কৰিলে শিক্ষক দম্পতিয়ে, ক’ত?

Violet-Baruah

ভায়োলেট বৰুৱাসহ আন ১৩ গৰাকীলৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক

Biswanath

বিশ্বনাথত উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়টো চাৰ্জিং ষ্টেচনৰ লগতে দুখনকৈ ইলেকট্ৰিক বাছৰ শুভ উদ্বোধন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd