চলিত বৰ্ষৰ শেষৰ পিনে দেশবাসীয়ে লাভ কৰিব কোভিডৰ ভেকচিন: স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধন

WhatsApp Image 20

প্ৰতিনিধিত্বমূলক ফটো।

সকলো যদি ঠিকে ঠাকে থাকে তেন্তে চলিত বৰ্ষৰ শেষৰ পিনে দেশবাসীয়ে কোভিডৰ ভেকচিন লাভ কৰিব।

এই ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয় যে দেশত থলুৱা প্ৰযুক্তিৰে আৱিষ্কাৰ কৰা দুটা ভেকচিনৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষণ চলোৱা হৈছে।

বিদেশৰ ভেকচিনৰ পৰীক্ষণো দেশত চলি আছে। সেয়ে বছৰৰ শেষৰ পিনে কোনো এটা ভেকচিন সামূহিক ব্যৱহাৰৰ উপযোগী হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে।

ইপিনে দেশত ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিছে ৩১ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত এতিয়া

ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৩১,০৬,৩৪৯ ।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৫৭,৪৬৮ গৰাকী লোকৰ।

একেদৰে ক’ৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈ কোভিডত আক্ৰান্ত হোৱা ২৩,৩৮,০৩৬ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

ক’ৰ’ণাৰ পৰা মুক্ত হোৱা লোকৰ শতাংশ হাৰ হৈছে ৭৪.৬৯।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত এটা দিনৰ ভিতৰতে দেশত ১০,২৩,৮৩৬টা ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

স্বাস্থ্য দপ্তৰৰ তথ্য অনুসৰি এতিয়ালৈকে দেশত ৩,৪৪,৯১,০৭৩ টা ক’ৰ’ণা ভাইৰাছৰ নমুনাৰ পৰীক্ষা কৰা হৈছে।

২৪ ঘণ্টাত এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লৈছে ৯১২ গৰাকী লোকে।২৪ ঘণ্টাত আক্ৰান্ত হৈছে৬৯,২৩৯ গৰাকী লোক।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰতি এক লাখ লোকৰ ভিতৰত কমেও ১৪ জন লোকৰ ক’ৰ’ণাৰ পৰীক্ষা কৰাৰ কথা কৈছিল।