সোমবাৰে সন্ধিয়া ইটোৰ পিছত সিটোকৈ বন্দুকৰ গুলীৰ শব্দই কঁপাই তুলিছিল হাৰিয়ানাৰ গাণৌৰ চহৰ। এদল দুষ্কৃতিকাৰীয়ে ৰাজপথত প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট প্ৰশিক্ষক ৰাম কৰণক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। ব্যস্ত পথত ভিৰৰ মাজতে সংঘটিত হয় এই আক্ৰমণৰ ঘটনা।
এই ঘটনাত অঞ্চলটোত ব্যাপক আতংক বিয়পি পৰিছে। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ বাবেই এই ঘটনা সংঘটিত হৈছিল। আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
সোমবাৰে প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট প্ৰশিক্ষক ৰাম কৰণ পৰিয়ালৰ সৈতে এখন বিয়ালৈ গৈছিল। তেওঁৰ লগত পত্নী আৰু বোৱাৰীও আছিল। গানৌৰৰ মহকুমা চিকিৎসালয়ৰ সন্মুখৰ পথটো যথেষ্ট জনবহুল। এই ভয়ংকৰ আক্ৰমণটো সেই পথতে সংঘটিত হৈছিল।
প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰা মতে, ভৰ্তি পথৰ সুযোগ লৈ এখন গাড়ীৰে তালৈ আহি আক্ৰমণকাৰীয়ে ৰাম কৰণৰ গাড়ী ৰখাই উপৰ্যুপৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। গুলীবিদ্ধ প্ৰাক্তন ক্ৰিকেটাৰগৰাকী ৰক্তাক্ত অৱস্থাত তাত পৰি যোৱাৰ সময়তে দুষ্কৃতিকাৰীসকল পলায়ন কৰে। গুলীবিদ্ধ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ততাতৈয়াকৈ ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়।
প্ৰাক্তন ক্ৰিকেটাৰ আৰু প্ৰশিক্ষকৰ বাহিৰেও ৰাম কৰণৰ আন এক পৰিচয় আছে। তেওঁ শোণিপত পৌৰসভাৰ প্ৰাক্তন অধ্যক্ষ আছিল। ৰামকৰণৰ বোৱাৰী বৰ্তমান গনৌৰৰ ১২ নং ৱাৰ্ডৰ কাউন্সিলাৰ। প্ৰাথমিক অনুসন্ধানৰ পৰা অনুমান কৰা হৈছে যে এই ঘটনা ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতাৰ বাবেই হৈছিল। ৰাজনৈতিক ক্ষেত্ৰখনত ৰাম কৰণৰ প্ৰতিদ্বন্দ্বী আছিল সুনীল নামৰ এজন ব্যক্তি। এসময়ত তেওঁ পৌৰসভাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আছিল। সেই সময়ত তেওঁ ৰাম কৰণৰ বিৰোধী দলত আছিল। শেহতীয়া পৌৰসভা নিৰ্বাচনত নিহত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ বোৱাৰীয়েক ছোনিয়াই সুনীলৰ পত্নীক পৰাস্ত কৰি কাউন্সিলাৰ হয়। তাৰ পিছৰে পৰা দুয়োটা পৰিয়ালৰ মাজত বিবাদ তীব্ৰতৰ হৈ পৰিছে। এই আক্ৰমণত সুনীলৰ ওপৰতে অভিযোগৰ আঙুলি উঠিছে। তেওঁৰ আঙুলিৰ ঠাৰতেই এই ঘটনা সংঘটিত হোৱা বুলি ৰাম কৰণৰ পৰিয়ালে অভিযোগ কৰে। অভিযুক্ত সুনীলৰ ভূমিকা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।





